ইন্টাৰনেশ্যনেল ডেস্ক, 12 জানুৱাৰী : আমেৰিকাস্থিত বিদায়ী ভাৰতীয় প্ৰতিনিধি হৰ্ষ বৰ্ধন শ্ৰীংলাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰে হোৱাইট হাউছৰ অভেল অ'ফিচত সাক্ষাৎ কৰে৷ ট্ৰাম্পৰে মিলিত হৈ ভাৰত-আমেৰিকা অংশদাৰীত্ব সূদৃঢ় কৰাৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়োৱা বাবে ধন্যবাদ জ্ঞাপন কৰে শ্ৰীংলাই ৷
উল্লেখ্য যে, শ্ৰীংলাক ভাৰতৰ পৰৱৰ্তী বৈদেশিক সচিব হিচাপে নিৰ্বাচিত কৰা হৈছে ৷ দক্ষিণ আৰু কেন্দ্ৰীয় এছিয়াৰ ৰাজ্যিক সহায়ক সচিব তথা প্ৰতিনিধি এলিছ ৱেলছে নতুন দিল্লীলৈ উৰা মৰাৰ পূৰ্বে শ্ৰীংলাক ভাৰত-আমেৰিকা সম্পৰ্কৰ 'কেপ্তেইন' হিচাপে ঘোষণা কৰে ৷
ৱেলছে লগতে কয় যে, ভাৰত-আমেৰিকা সম্পৰ্কৰ ভৱিষ্যতৰ পৰিকল্পনা সমূহত উপনীত হোৱাত শ্ৰীংলাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷