আমেৰিকা, 16 জুলাই : আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেনৰ লগতে মাইক্ৰ'ছফ্টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছ আৰু টেল্সাৰ চিইঅ' এলন মস্কৰ লগতে আমেৰিকাৰ বহু ৰাজনৈতিক নেতা, প্ৰখ্যাত ব্যক্তি আৰু কোম্পানীৰ মুৰবীৰ টুইটাৰ একাউন্ট বুধবাৰে কোনো অজ্ঞাত লোকে হেক কৰে ৷ হেকাৰে ক্ৰাইপ্তকাৰেন্সি (cryptocurrency) কেলেংকাৰী কৰাৰ বাবে এই একাউন্টকেইটা হেক কৰাৰ সন্দেহ কৰা হৈছে ৷ টুইটাৰে এই বিষয়ে অৱগত বুলি উল্লেখ কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ কথা উল্লেখ কৰে ৷ তেওঁলোকে এই ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে ৷ টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া জেক ডৌৰচিয়ে এয়া তেওঁলোকৰ বাবে অতি কঠিন সময় বুলি প্ৰকাশ কৰি এই ইয়াৰ সমাধানৰ বাবে চেষ্টা চলাই থকাৰ কথা উল্লেখ কৰে ৷ প্ৰকৃততে কি হৈছিল তাৰ সম্ভেদ লাভ কৰাৰ পাছতে সকলোকে এই সন্দৰ্ভত অৱগত কৰাৰ কথা কয় টুইটাৰৰ চিইঅ' গৰাকীয়ে ৷
আমেৰিকাৰ মিলেনিয়াৰ-প্ৰখাত ব্যক্তি টুইটাৰ একাউন্ট হেক - গেটছ
আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেন, মাইক্ৰ'ছফ্টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছ, টেল্সাৰ চিইঅ' এলন মস্ক, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামা, আমেৰিকাৰ ডেমক্ৰেটিক ৰাষ্ট্ৰপতি ফ'ন্ট ৰাৰ্ণাৰ জো বিডেন, এমাজনৰ চিইঅ' জেফ বেজৌছৰ টুইটাৰ হেক কৰে অজ্ঞাত ব্যক্তিয়ে ৷
জো বিডেন, বিল গেটছ, এলন মস্কৰ লগতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামা, আমেৰিকাৰ ডেমক্ৰেটিক ৰাষ্ট্ৰপতি ফ'ন্ট ৰাৰ্ণাৰ জো বিডেন, এমাজনৰ চিইঅ' জেফ বেজৌছৰ দৰে বহু আই টি মিলেনিয়াৰ টুইটাৰত ভুৱা টুইট কৰে হেকাৰে ৷ প্ৰখ্যাত চেলিব্ৰিটি কান্যা বেষ্ট আৰু তেওঁৰ পত্নী কিম কাৰ্ডাছিয়ান ৱেষ্টৰো টুইটাৰ একাউন্ট অজ্ঞাত ব্যক্তিয়ে হেক কৰে ৷ বেইনামী বিটকাইনৰ ঠিকনাত প্ৰেৰণ কৰা প্ৰতিটো টুইটত প্ৰতিজন ব্যক্তিক 1000 ডলাৰৰ বাবে 2000 ডলাৰৰ দিয়াৰ ভুৱা টুইট কৰা হৈছিল ৷ এফ বি আয়ে এই বিষয়ে অৱগত বুলি উল্লেখ কৰি মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷
লগতে পঢ়ক : ৰহা সমষ্টিৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱ