অসম

assam

ETV Bharat / international

COVID-19 নিহতসকলৰ বাবে প্ৰথমটো পৃষ্ঠা উৎসৰ্গা নিউয়ৰ্ক টাইমছৰ - প্ৰথমটো পৃষ্ঠা উসৰ্গা নিউ ইয়ৰ্ক টাইমছৰ

নিউয়ৰ্ক টাইমছৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আমেৰিকা আৰু তাৰ আশে পাশে থকা স্থানৰ COVID-19ত নিহত হোৱাসকলৰ নাম ঠিকনা । বৰ্তমান আমেৰিকাত মহামাৰীত আক্ৰান্তৰ সংখ্যা 1 লাখৰ কাষ চাপিছে ।

নিউ ইয়ৰ্ক টাইমছৰ
নিউ ইয়ৰ্ক টাইমছৰ

By

Published : May 25, 2020, 1:18 PM IST

নিউজ ডেস্ক, 25 মে':আমেৰিকাত COVID-19 ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা 1 লাখৰ কাষ চাপিছে । সেয়ে 1000 লোকৰ নাম প্ৰকাশ কৰি COVID-19 নিহতসকলৰ নাম নিউয়ৰ্ক টাইমছৰ প্ৰথম পৃষ্ঠাটো সমৰ্পন কৰিছে কাকতখনে । দেওবাৰৰ সংস্কৰণটো তেওঁলোকে এইদৰে প্ৰকাশ কৰে ।

তেওঁলোকে শিৰোনাম ৰাখিছিল "US ত মৃত্যুৰ সংখ্যা 100000 ওচৰ, এক অপূৰণীয় ক্ষতি" । তাৰ লগতে উপ শিৰোনামত লিখিছিল "তেওঁলোক কেৱল এই তালিকাতেই নাছিল, আমাৰ লগতো আছিল" ।

প্ৰথমটো পৃষ্ঠা উসৰ্গা নিউ ইয়ৰ্ক টাইমছ

আমেৰিকাৰ উৎসস্থল নিউয়ৰ্কত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা আছিল 3,85,000 আৰু মৃত্যু হৈছিল 23,195 গৰাকীৰ । আনহাতে নিউয়ৰ্ক চহৰত আক্ৰান্তৰ সংখ্যা আছিল 1,97,000 আৰু মৃতকৰ সংখ্যা আছিল 16,149 । দেওবাৰলৈ আমেৰিকাত মুঠ আক্ৰান্তৰ সংখ্যা 16,22,670 আৰু মৃত্যুৰ সংখ্যা 97,087 গৰাকী ।

ABOUT THE AUTHOR

...view details