নিউড ডেস্ক, 18 জুলাই:ম্যাছাচুছেটছৰ এক সমীক্ষাত দেখিবলৈ পোৱা গৈছে, তেজৰ প্ৰকাৰৰ লগত COVID-19 ৰ কোনো ধৰণৰ সম্পৰ্ক নাই ৷ ম্যাছাচুছেটছ জেনেৰেল হাস্পতালৰ প্ৰতিবেদনত, সকলো সহ-সম্বন্ধ গৱেষক সকলে COVID আৰু তেজৰ প্ৰকাৰৰ বিষয়ে উল্লেখ কৰিছে ৷
অধ্যয়নটোৰ পৰা প্ৰকাশ পাইছে যে, ABO ব্লাড গ্ৰুপ হ'লেই ৰোগৰ গভীৰতা বা চিন্তা বৃদ্ধি পায় বুলি কোনো কাৰণ নাই ৷
পূৰ্বৰ প্ৰতিবেদন সমূহত A ব্লাড গ্ৰুপৰ লোকৰ ক্ষেত্ৰত COVID-19 ৰ সংক্ৰমণ আৰু মৃত্যুৰ সম্ভাৱনা বেছিকৈ দেখিবলৈ পোৱা যায় বুলি উল্লেখ কৰা হৈছিল ৷
ম্যাছাচুছেটছ জেনেৰেল হাস্পতালৰ গৱেষক সকলে বিশাল ডাটাবেচ অৰ্থাৎ তথ্য অংকণ কৰি এই ক্ষেত্ৰত নিজাববীয়াকৈ অনুসন্ধান আৰম্ভ কৰিছিল ৷ এই সমীক্ষাত 1,289 গৰাকী বয়স্ক লোকক অন্তৰ্ভুক্ত কৰা হৈছিল ৷ যিসকল COVID-19 ত আক্ৰান্ত আছিল ৷ অধ্যয়নৰ বাবে তেওঁলোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি নথিভুক্ত কৰা হৈছিল ৷
পাৰিসাংখ্যিক বিশ্লেষণে সংক্ৰমিত ৰোগী সকলৰ মৃত্যুৰ ক্ষেত্ৰত তেজৰ প্ৰকাৰৰ স্বতন্ত্ৰ প্ৰভাৱ নিৰ্ধাৰিত কৰে ৷