অসম

assam

ঋতুস্ৰাৱ আৱৰ্জনাৰ পৰিৱেশ অনুকূল নিষ্কাষণৰ বাবে প্ৰযুক্তিগত হস্তক্ষেপৰ প্ৰয়োজন

By

Published : Nov 21, 2020, 11:41 AM IST

ক'ভিড-19 ৰ ফলত সৃষ্ট লকডাউনে মহিলাসকলক যথেষ্ট সমস্যাৰ সৃষ্টি কৰিলে ৷ ঋতুস্ৰাৱৰ সৈতে জড়িত প্ৰত্যাহ্বান সমূহক এই মহামাৰীয়ে ব্যাপক প্ৰভাৱ পেলালে ৷ কিয়নো অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত 30 মাৰ্চ পৰ্যন্ত অন্তৰ্ভূক্ত কৰা নাছিল ছেনিটেৰী নেপকিনক ৷ দেশজোৰা লকডাউনৰ পৰৱৰ্তী সাতদিন পৰ্যন্ত ছেনিটাৰী নেপকিনক অন্তৰ্ভূক্ত কৰা হোৱা নাছিল এই তালিকাত ৷ ইয়াৰোপৰি, সুৰক্ষিত স্থানত ছেনিটাৰী নেপকিন ৰাখিবলৈও ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল মহিলাসকল ৷

প্ৰযুক্তিগত হস্তক্ষেপৰ প্ৰয়োজন
ঋতুস্ৰাৱ আৱৰ্জনাৰ পৰিবেশ অনুকূল নিষ্কাষণ

নিশা জগদীশ,

লিংগ আৰু অধিকাৰ, পৰিয়াল কল্যান পৰিষদ, ভাৰতৰ অধ্যক্ষ

ক'ভিড-19 ৰ ফলত সৃষ্ট লকডাউনে মহিলাসকলক যথেষ্ট সমস্যাৰ সৃষ্টি কৰিলে ৷ ঋতুস্ৰাৱৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহক এই মহামাৰীয়ে ব্যাপক প্ৰভাৱ পেলালে ৷ কিয়নো অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত 30 মাৰ্চ পৰ্যন্ত অন্তৰ্ভূক্ত কৰা নাছিল ছেনিটেৰী নেপকিনক ৷ দেশজোৰা লকডাউনৰ পৰৱৰ্তী সাতদিন পৰ্যন্ত ছেনিটাৰী নেপকিনক অন্তৰ্ভূক্ত কৰা হোৱা নাছিল এই তালিকাত ৷ ইয়াৰোপৰি, সুৰক্ষিত স্থানত ছেনিটাৰী নেপকিন ৰাখিবলৈও ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল মহিলাসকল ৷

যিসময়ত ভাৰতত ঋতুস্ৰাৱ সম্পৰ্কত মুকলিকৈ আলোচনা কৰাৰ লগতে ছেনিটাৰী নেপকিনৰ প্ৰস্তুত আদিৰ বাবে সকলোকে উৎসাহিত কৰি অহা হৈছে, সেই সময়ত ব্যৱহৃত ছেনিটাৰী নেপকিন বৰ্তমানেও এক নিষিদ্ধ বিষয় হিচাপে বিবেচিত হৈ আহিছে ৷ থানেৰ বস্তি এলেকাত মিউজ ফাউণ্ডেছনে কৰা এক অধ্যয়ন অনুসৰি, 71 শতাংশ মহিলাই ডিছপজেবল ছেনিটাৰী নেপকিন (DSNs) ব্যৱহাৰ কৰে আৰু অতি কমেও 45 শতাংশ মহিলাই ৰাজহুৱা প্ৰস্ৰাৱগাৰত এই সামগ্ৰী নিষ্কাষিত কৰে যিহেতু তেওঁলোকৰ নাই কোনো ডাষ্টবিনৰ ব্যৱস্থা ৷ ই এই কথাই সূচায় যে, মহিলাৰ বাবে পৰিস্থিতি কিমান ভয়ংকৰ আৰু নিষ্কাষণ ব্যৱস্থাপনা কিমান নিম্নতম ৷ ইয়াৰ ফলত মহিলাৰ মাজত বৃদ্ধি পাইছে ৰোগৰ ভয়াবহতা ৷

ঋতুস্ৰাৱ স্বাস্থ্য সঞ্চালনাৰ বাবে বিশ্বব্যাপী বৃদ্ধি গুৰুত্ব প্ৰদান কৰা হৈছে ৷ কিন্তু এই সামগ্ৰী নিষ্কাষণৰ বাবে গ্ৰহণ কৰা হোৱা নাই কোনো ব্যৱস্থা ৷ তথ্য অনুসৰি, ভাৰতত প্ৰতি বছৰে 63 মিলিয়ন টন পৰিত্যক্ত সামগ্ৰী নিষ্কাষণ হয় কিন্তু 353 মিলিয়ন মহিলাৰ দ্বাৰা পৰিত্যক্ত হয় 44,125 মিলিয়ন কিল'গ্ৰাম ঋতুস্ৰাৱ সামগ্ৰী ৷ এই ক্ষেত্ৰত আইন প্ৰণয়নৰ বাবে এই সামগ্ৰীসমূহৰ সংগ্ৰহ আৰু পৰিবহন কৰিব পৰা বহনক্ষম ব্যৱস্থাৰ প্ৰয়োজন ৷ ইয়াৰ বাবে প্ৰতিঘৰ লোকে নিষ্কাষিত সামগ্ৰী ৰাখিবৰ বাবে মোনাৰ ব্যৱহাৰ কৰিব লাগে ৷ ইয়াৰ ফলত চাফাই কৰ্মীসকলে সামগ্ৰীসমূহ সংগ্ৰহ কৰিবলৈ সহজ হ'ব ৷ ইয়াৰ ফলত ভয়ংকৰ কাৰ্চিনোজেন নিৰ্গমনে চাফাই কৰ্মীসকলকো প্ৰভাৱিত কৰাৰ পৰা ৰক্ষা পাব ৷

Financial Inclusion Improves Sanitation and Health (FINISH) Society য়ে 243 গৰাকী মহিলাৰ মাজত এক অধ্যয়ন কৰিছিল ৷ দেশৰ টায়াৰ 1, 2 আৰু 3 নগৰসমূহৰ মাজত এই অধ্যয়ন কৰা হৈছিল ৷ এই অধ্যয়নত প্ৰকাশ পাইছিল যে, 68 শতাংশ মহিলাই জৈব অপচিতি নোহোৱা পেড ব্যৱহাৰ কৰে আৰু 24 শতাংশই জৈব অপচিতি হোৱা পেডৰ ব্যৱহাৰ কৰে ৷

যিহেতু অধিকাংশ ছেনিটাৰী নেপকিনত প্লাষ্টিক ব্যৱহাৰ কৰা হয় সেয়েহে এই সামগ্ৰীসমূহ জৈব অপচিতিমূলক হয় আৰু স্বাস্থ্য আৰু পৰিৱেশৰ বাবে ই বিপদসংকুল ৷ এনেধৰণৰ এটা ছেনিটাৰী নেপকিন পচিবৰ বাবে প্ৰয়োজন হয় 500 ৰ পৰা 800 বছৰ ৷ UNICEF ৰ অধ্যয়ন অনুসৰি, ঋতুস্ৰাৱত ব্যৱহৃত নেপকিনৰ নিষ্কাষণ প্ৰক্ৰিয়া বিষয়টো প্ৰায়ে উপেক্ষিত কৰা হয় ৷

এই ক্ষেত্ৰত অন্য বিকল্পৰ অভাৱ পৰিলক্ষিত হৈছে ৷ সেয়েহে এই সমস্যাৰ সমাধানৰ বাবে উদ্ভাৱনমূলক আৰু যোগ্য বিকল্পৰ প্ৰয়োজন হৈছে ৷ সেয়েহে প্ৰস্ৰাৱগাৰৰ ব্যৱহাৰ, আচাৰৰ পৰিৱৰ্তন আৰু প্ৰযুক্তিগত সমাধানৰ প্ৰয়োজন আছে ৷ ঋতুস্ৰাৱ স্বাস্থ্য ব্যৱস্থাপনাৰ বাবে কম খৰছী, ক্ষিপ্ৰতাৰে সম্পন্ন হোৱা বিকল্পৰ অধিক প্ৰয়োজন আছে ৷

কিন্তু যিসময়ত সমগ্ৰ বিশ্ব মহামাৰীয়ে ছানি ধৰিছে তেনে সময়তে এনে প্ৰদূষিত সামগ্ৰীৰ নিষ্কাষণ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ ইয়াৰ জৰিয়তে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন সুস্থ আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উন্নত পৰিৱেশ গঢ়ি তুলিব পৰা যাব ৷

ABOUT THE AUTHOR

...view details