অসম

assam

ETV Bharat / international

প্ৰায় অৰ্ধ বিলিয়ন মানুহৰ হাতত উপযুক্ত কামৰ অভাৱ:ৰাষ্ট্ৰসংঘ - half billion people lack decent jobs: UN

সমগ্ৰ বিশ্বত বৰ্তমান সময়ত নিবনুৱাৰ সংখ্যা 470 কোটিত কৈ অধিক বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পায় ৷ উপযুক্ত চাকৰি অভাৱত সামাজিক অস্থিৰতাই দেখা দিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷

Nearly half billion people lack decent jobs: UN
প্ৰায় অৰ্ধ বিলিয়ন মানুহৰ হাতত উপযুক্ত কামৰ অভাৱ : ৰাষ্ট্ৰসংঘ

By

Published : Jan 21, 2020, 11:24 AM IST

নেশ্যনেল ডেক্স , 21 জানুৱাৰী : সমগ্ৰ বিশ্বত বৰ্তমান সময়ত নিবনুৱাৰ সংখ্যা 470 কোটিত কৈ অধিক ৷ সোমবাৰে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পায় এই তথ্য ৷ উপযুক্ত চাকৰিৰ অভাৱত সামাজিক অস্থিৰতাই দেখা দিছে বুলি প্ৰতিবেদনত প্ৰকাশ পায় ৷ ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শ্ৰম সংঘৰ মতে বিশ্বব্যাপী নিবনুৱাৰ হাৰ যোৱা দশকত তুলনামূলকভাৱে স্থিতিশীল অৱস্থাত আছে ৷ ৰাষ্ট্ৰসংঘৰ এক সমীক্ষা মতে পূৰ্বৰ দশকত ইয়াৰ হাৰ আছিল 5.4 শতাংশ ৷ তীব্ৰগতিত বঢ়া জনসংখ্যাৰ ফলত চাকৰিৰ সংখ্যা হ্ৰাস পোৱা দেখা গৈছে বুলিও প্ৰতিবেদনত প্ৰকাশ পায় ৷

2019 বৰ্ষত 188 মিলিয়নৰ পৰা 190.5 মিলিয়ন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি আই এল অ' (ILO) ই চলিত বৰ্ষত পঞ্জীয়ন হোৱা নিৱনুৱাৰ সংখ্যাৰ প্ৰতিবেদনত কয় ৷ সাম্প্ৰতিক সময়ত ৰাষ্ট্ৰসংঘৰ সংস্থাই বিশ্বব্যাপী প্ৰায় 285 মিলিয়ন মানুহক নিৱনুৱা হিচাপে স্বীকৃতি দিছে ৷ আই এল ওৰ প্ৰতিবেদনত মন্তব্য কৰে যে 2019ত 630 মিলিয়নতকৈ অধিক লোক বিশ্বৰ কৰ্মক্ষম জমসংখ্যাৰ এক পঞ্চমাংশ দৰিদ্ৰসীমাৰেখাৰ তলত বসবাস কৰে ৷ যাৰ প্ৰতিদিনৰ আয় 3.20 ডলাৰ ৷

15 ৰ পৰা 24 বছৰ মাজৰ 267 মিলিয়ন যুৱক-যুৱতীৰ উপযুক্ত শিক্ষা আৰু অনুশীলন নাই যাৰ ফলত এক সমীক্ষাৰ পৰা গম পোৱা গৈছে শ্ৰম আৰু গড় বেতন লাভ কৰা ৰাষ্ট্ৰীয় আয়ৰ 2004ৰ পৰা 2017ৰ মাজৰ সময়ছোৱাত 54 শতাংশৰ পৰা 51 শতাংশ হৈছে ৷

আৰু পঢ়ক : কেন্দ্ৰৰ এন.পি.আৰ মানি নলয় কেৰালা চৰকাৰে

ABOUT THE AUTHOR

...view details