অসম

assam

ETV Bharat / international

অভিনেতা নৱাজুদ্দিন ছিদ্দিকী লৈ গ'ল্ডেন ড্ৰেগন সন্মান - অভিনেতা নৱাজুদ্দিন ছিদ্দিকী লৈ 2019 গ'ল্ডেন ড্ৰেগন সন্মান

24 অক্টোবৰৰ পৰা 27 অক্টোবৰলৈ অনুষ্ঠিত হোৱা ব্ৰিটেইনৰ কাৰ্ডিফ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত গ'ল্ডেন ড্ৰেগন সন্মান 'ছেক্ৰেট গেম্ছ'ৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীলৈ ৷ আনহাতে এই মহোৎসৱতে প্ৰবীণ হলিউড অভিনেতা জুডি ডেঞ্চলৈ লাইফটাইম এচিভমেন্ট সন্মান আগবঢ়োৱা হয় ৷

অভিনেতা নৱাজুদ্দিন ছিদ্দিকী লৈ গ'ল্ডেন ড্ৰেগন সন্মান

By

Published : Oct 30, 2019, 9:16 AM IST

Updated : Oct 30, 2019, 12:34 PM IST

নিউজ ডেস্ক,30অক্টোবৰঃ 'ছেক্ৰেট গেম্ছ'ৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীক এই বৰ্ষৰ ব্ৰিটেইনৰ কাৰ্ডিফ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত গ'ল্ডেন ড্ৰেগন সন্মানেৰে সন্মানিত কৰা হৈছে ৷ এই সন্মানৰ পাছতে অভিনেতাজনে 29 অক্টোবৰত ব্ৰিটেইনৰ ৰাজনীতিজ্ঞ আৰু ৱেল্ছৰ পৰামর্শদাতা মিক এন্ট'নিউক ধন্যবাদ জনাই ৷ এই কাৰ্ডিফ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ 24 অক্টোবৰ, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈ 27 অক্টোবৰত অন্ত পৰে ৷

ব্ৰিটেইনৰ কাৰ্ডিফ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ

আনহাতে এই মহোৎসৱতে প্ৰবীণ হলিউড অভিনেতা জুডি ডেঞ্চলৈ লাইফটাইম এচিভমেন্ট সন্মান আগবঢ়োৱা হয় ৷ ইপিনে এই সন্মানৰ বাবে ডেঞ্চক 'গেংছ অৱ ৱাছিপুৰ'ৰ অভিনেতাসকলেও অভিনন্দন জনাই ৷ উল্লেখ্য যে অভিনেতাজনক নেটফ্লিক্সৰ চিৰিজ 'ছেক্ৰেট গেম্ছ'ত চৈফ আলী খানৰ বিপৰীতে অভিনয় কৰা দেখা গৈছিল ৷

Last Updated : Oct 30, 2019, 12:34 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details