ইন্টাৰনেশ্যনেল ডেস্ক, 17 অক্টোবৰ :আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ডেম'ক্ৰেটিক প্ৰাৰ্থী জোছেফ বিডেনৰ পৰৱৰ্তী বাকযুদ্ধৰ মূল বিষয়বস্তুৰ ভিতৰত অন্যতম হ'ব ক'ভিড-19 আৰু ৰাষ্ট্ৰীয় সুৰক্ষা ৷ শুকুৰবাৰে ৰাষ্ট্ৰপতীয় বাকযুদ্ধ সম্পৰ্কত এই তথ্য প্ৰদান কৰে ডিবেট কমিছনে ৷
কমিছনে কয়, "22 অক্টোবৰ, 2020 ৰ ৰাষ্ট্ৰপতীয় বাকযুদ্ধৰ মধ্যস্থতাকাৰী কিৰ্ষ্টেন ৱেলকাৰে এই বিষয়বস্তুসমূহ তৰ্কৰ বাবে নিৰ্বাচিত কৰিছে ৷ " লগতে কমিছনে কয় যে, ক'ভিড-19 আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ উপৰি আমেৰিকাৰ পৰিয়াল ব্যৱস্থা, বতৰ পৰিৱৰ্তন, নেতৃত্ব আদি বিভিন্ন সম্পৰ্কত বাকযুদ্ধত আলোচনা কৰা হ'ব ৷
উল্লেখ্য যে, নেশ্বভিল্লেৰ বেলমন্ট বিশ্ববিদ্যালয়ত 22 অক্টোবৰত আমেৰিকাৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচনৰ দুই প্ৰাৰ্থীৰ মাজত পৰৱৰ্তী বাকযুদ্ধ অনুষ্ঠিত হ'ব ৷