ইণ্টাৰনেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ :বিশ্বৰ বিজ্ঞানজগতত আন এক নতুন উদ্ভাৱন । নাছাই নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ আৰু শক্তিশালী জেমছ ৱেব স্পেচ টেলিস্কোপ । বৰদিনৰ পবিত্ৰ দিনটোতে মহাকাশলৈ প্ৰেৰণ কৰা হ'ব এই সৰ্ববৃহৎ দূৰবীক্ষণ যন্ত্ৰটো (NASA to launch world's largest telescope)। ফ্ৰাঞ্চৰ গুয়ানাস্থিত কোৰৌ উৎক্ষেপণ কেন্দ্ৰৰ পৰা এই সৰ্ববৃহৎ দূৰবীক্ষণ যন্ত্ৰটো (Worlds most powerful space telescope) মহাকাশলৈ প্ৰেৰণ কৰা হ'ব ।
নাছাৰ প্ৰশাসক বিল নেলছনে ব্যাখ্যা কৰা মতে এইটো হৈছে এটা অসাধাৰণ অভিযান । ইয়াক এৰিয়ান-৫ ইচিএ ৰকেটৰ সহায়ত মহাকাশলৈ প্ৰেৰণ কৰা হ'ব । পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ উচ্চতাত এখন ট্ৰাকৰ আকৃতিৰ এই দূৰবীক্ষণ যন্ত্ৰটো স্থাপন কৰাৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড নিৰীক্ষণ কৰা ।
ই হাজাৰ হাজাৰ মাইল দূৰত থকা আকাশগঙ্গা, গ্ৰহাণু, কৃষ্ণগহ্বৰ বা ব্লেক হ'ল আৰু এলিয়েনৰ দাবীবোৰৰ সন্ধানত সহায় কৰিব । ই আমাক আমাৰ সৌৰজগতৰ কাষত চন্দ্ৰত থকা হিমায়িত মহাসাগৰৰ অধ্যয়নতো সহায় কৰিব ।
দূৰবীক্ষণটোৰ নিৰ্মাণ কাৰ্য ২০০৪ চনতে আৰম্ভ হৈছিল :জেমছ ৱেব স্পেচ টেলিস্কোপ হৈছে কেইবা দশকৰ পূৰ্বে প্ৰেৰণ কৰা হাবল টেলিস্কোপৰ উত্তৰাধিকাৰী । ইয়াক নাছা, ইউৰোপীয় মহাকাশ সংস্থা আৰু কানাডিয়ান মহাকাশ সংস্থাৰ দ্বাৰা যুটীয়াভাৱে নিৰ্মাণ কৰা হৈছে । ইয়াৰ নিৰ্মাণ কাৰ্য ২০০৪ চনত আৰম্ভ হৈছিল ।