ইণ্টাৰনেশ্যনেল ডেস্ক, ২অক্টোবৰ:নিৰ্ধাৰিত সময়ৰ ২ মিনিট ৪০ছেকেণ্ড পূৰ্বে বাতিল কৰা হ'ল আন্ত:ৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ ৰকেট প্ৰক্ষেপণ। বৃহস্পতিবাৰে নিশা ভাৰ্জিনিয়াৰ পৰা ৰকেট প্ৰক্ষেপণ কৰাৰ পৰিকল্পনা কৰিছিল NASAই। মহাকাশচাৰী কল্পনা চাওলাৰ নামেৰে নামাকৰণ কৰা ছাইগ্ৰাছ মহাকাশ যানেৰে আন্ত:ৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ ৮হাজাৰ পাউণ্ডৰ সামগ্ৰী কঢ়িয়াই নিয়াৰ কথা আছিল। কিন্তু অজ্ঞাত কাৰণত এই যাত্ৰা নিৰ্ধাৰিত সময়ৰ ২ মিনিট ৪০ছেকেণ্ড পূৰ্বে বাতিল কৰা হয়। অভিযন্তাসকলে বিসংগতিসমূহ দূৰ কৰিব পাৰিলে শুক্ৰবাৰে নিশা পুনৰ আন্ত:ৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ ৰকেটটো প্ৰক্ষেপণ কৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে নৰ্থৰ'প গ্ৰুম্মানে। আন্ত:ৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ নিবলগীয়া ৮হাজাৰ পাউণ্ডৰ সামগ্ৰীৰ ভিতৰত আছে এয়াৰ টেংক, মূলাৰ বীজ আৰু চিনেমেটিক ৩৬০ ডিগ্ৰী ভি আৰ কেমেৰা।
ISSলৈ ৰকেট প্ৰক্ষেপণ স্থগিত কৰিলে NASAই - আন্ত:ৰাষ্ট্ৰীয় মহাকাশ ষ্টেচন
আন্ত:ৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ ৰকেট প্ৰক্ষেপণ স্থগিত কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নৰ্থৰ'প গ্ৰুম্মানে। অভিযন্তাসকলে বিসংগতিসমূহ দূৰ কৰিব পাৰিলে শুক্ৰবাৰে নিশা পুনৰ ৰকেটটো প্ৰক্ষেপণ কৰাৰ সম্ভাৱনা আছে বুলি নৰ্থৰ'প গ্ৰুম্মানে মন্তব্য কৰে। আন্ত:ৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ ৮হাজাৰ পাউণ্ডৰ সামগ্ৰী পঠিয়াবলৈ ৰকেট প্ৰক্ষেপণৰ পৰিকল্পনা কৰিছিল NASAই ।
ISSলৈ ৰকেট প্ৰক্ষেপণ স্থগিত কৰিলে NASAই