অসম

assam

ETV Bharat / international

কোভিড-১৯ৰ সমাধান বিছাৰি নাছাৰ অভিযান আৰম্ভ - বিশেষ অক্সিজেন হুড

নাছাৰ অভিযন্তা মাইক বুট্টিগেইগে কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ বাবে এটা বিশেষ অক্সিজেন হুড প্ৰস্তুত কৰি উলিয়াইছে, যিটোৱে ভেন্টিলেটৰ ব্যৱহাৰ কৰাৰ পৰা আতঁৰত ৰাখিব ৰোগীজনক ।

কোভিড-১৯ৰ সমাধান বিছাৰি নাছাৰ অভিযান আৰম্ভ
কোভিড-১৯ৰ সমাধান বিছাৰি নাছাৰ অভিযান আৰম্ভ

By

Published : Apr 18, 2020, 4:43 PM IST

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃকোভিড-১৯ৰ বিৰুদ্ধে যুঁজখনত শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে নাছা । আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থাটোৱে শেহতীয়াকৈ বিকাশ কৰি উলিয়াইছে এটা অক্সিজেন হুড । স্বাস্থ্যসেৱাত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি এতিয়া কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজখনত কেলিফৰ্নিয়াস্থিত টাস্ক ফৰ্চৰ সৈতে একেলগে এই বিশেষ যন্ত্ৰটো সাজি উলিয়াইছে সংস্থাটোৱে ।

সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, ইয়াৰ আৰ্মষ্ট্ৰং ফ্লাইট ৰিছাৰ্চ চেন্টাৰে এন্টিলপ ভেলী হস্পিতালৰ সৈতে একেলগে এই যন্ত্ৰটো সাজি উলিয়াইছে বুলি জনাইছে । কোভিড-১৯ ৰোগীসকলৰ বাবে ভেন্টিলেটৰৰ পৰিৱৰ্তে এই যন্ত্ৰটো ব্যৱহাৰ কৰিব পৰা যাব । অৱশ্যে বৰ্তমানে এন্টিলপ ভেলী হস্পিতালত এই যন্ত্ৰটোৰ প্ৰটোটাইপ ব্যৱহাৰ কৰি সফলতা লাভ কৰিছে গৱেষক তথা স্বাস্থ্যকৰ্মীসকলে ।

ABOUT THE AUTHOR

...view details