ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: NASA আৰু এলন মাস্ক(Elon Musk)ৰ মালিকানাধীন ব্যক্তিগত ৰকেট কোম্পানী স্পেচএক্সে ক্ৰু-৩ মিছনত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে চাৰিজন পেছাদাৰী মহাকাশচাৰীক । কেইবাবাৰো তেওঁলোকক প্ৰেৰণৰ বাবে দিন সলনি কৰাৰ পাচত অৱশেষত বুধবাৰে তেওঁলোকক প্ৰেৰণ কৰা হয় । বুধবাৰে নিশা ৯.৩০ বজাত ফ্লৰিডাস্থিত NASAৰ কেনেডী মহাকাশ কেন্দ্ৰৰ পৰা স্পেচএক্সৰ ফেলকন-৯ ৰকেটেৰে উৰা মাৰে মহাকাশচাৰীকেইজনে । ক্ৰিউ-৩ মিছনত মিছন কমাণ্ডাৰ হিচাপে গৈছে NASAৰ মহাকাশচাৰী ৰাজা চাৰী, পাইলট হিচাপে টম মাৰ্শবাৰ্ণ আৰু মিছন বিশেষজ্ঞ হিচাপে গৈছে কায়লা বেৰন ।
লগতে ইউৰোপীয় মহাকাশ সংস্থাৰ মহাকাশচাৰী মেথিয়াছ ম'ৰেৰো গৈছে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ । তেওঁ মিছন বিশেষজ্ঞ হিচাপে কাম কৰিব । ছয় মাহৰ বাবে তেওঁলোক এই অভিযানত গৈছে । ২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ শেষলৈকে তেওঁলোকৰ অভিযান অব্যাহত থাকিব ।
স্পেচএক্স ক্ৰু ড্ৰেগন মহাকাশযানত মহাকাশচাৰীসকলৰ সৈতে এয়া তৃতীয় ক্ৰু ৰোটেশ্যন মিছন আৰু সংস্থাটোৰ বাণিজ্যিক ক্ৰু কাৰ্যসূচীৰ অংশ হিচাপে মহাকাশচাৰীসকলৰ সৈতে চতুৰ্থ উৰণ ।