অসম

assam

By

Published : Oct 26, 2020, 7:51 AM IST

ETV Bharat / international

অৱশেষত যুদ্ধবিৰতিলৈ অহাৰ সিদ্ধান্ত আৰ্মেনিয়া আৰু আজাৰবেইজানৰ

আমেৰিকা ষ্টেট ডিপাৰ্টমেণ্টে জনোৱা মতে,নাগোৰ্নো-কাৰাবাখ সংঘৰ্ষৰ যুদ্ধ বিৰতিত সন্মতি প্ৰদান কৰিছে আৰ্মেনিয়া আৰু আজাৰবেইজানে ৷ এই সন্দৰ্ভত দুয়োখন দেশৰ প্ৰতিনিধিয়ে 29 অক্টোবৰত জেনেভাত এক বৈঠকত মিলিত হ’ব আৰু অন্তিম সহমত সিদ্ধান্তত উপনীত হ’ব ৷ প্ৰতিনিধিসকলৰ ভিতৰত আছে মিন্সক গ্ৰুপৰ সহ অধ্য়ক্ষ আৰু আৰ্মেনিয়া-আজাৰবেইজানৰ বিদেশ মন্ত্ৰীসকল ৷

Nagorno-Karabakh conflict: Armenia, Azerbaijan agree to establish ceasefire
অৱশেষত নাগোৰ্নো-কাৰাবাখ সংঘৰ্ষত যুদ্ধ বিৰতিৰ সিদ্ধান্ত গ্ৰহণ

নিউজ ডেস্ক, 26 অক্টোবৰ : দেওবাৰে মাজনিশা বিবাদিত নাগোৰ্নো-কাৰাবাখ সংঘৰ্ষৰ সমাধান হিচাপে যুদ্ধ বিৰতিত সন্মতি প্ৰদান কৰে আৰ্মেনিয়া আৰু আজাৰবেইজানে ৷ আমেৰিকা ষ্টেট ডিপাৰ্টমেণ্টে এই কথা সদৰি কৰে ৷

ইউৰোপৰ সুৰক্ষা আৰু সহযোগী সংগঠন (OSCE)ৰ সহ অধ্যক্ষ মিন্সক গ্ৰুপে আৰ্মেনিয়াৰ বিদেশ মন্ত্ৰী Zohrab Mnatsakanyan আৰু আজাৰবেইজানৰ বিদেশ মন্ত্ৰী Jeyhun Bayramovৰ সৈতে কৰা বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৈঠকত আমেৰিকাৰ ষ্টেট বিভাগৰ উপ সচিব Stephen E Biegumও উপস্থিত থাকে ৷

ষ্টেট ডিপাৰ্টমেণ্টৰ এক বিবৃতিত উল্লেখিত অনুসৰি, 2020 বৰ্ষৰ 26 অক্টোবৰত যুদ্ধ বিৰতিৰ সময় পুৱা 8 বজাত ধৰি দিয়া হৈছে ৷ আমেৰিকাই যুদ্ধকেন্দ্ৰিক দেশসমূহৰ বিদেশ মন্ত্ৰীসকলক আৰ্মেনিয়া-আজাৰবেইজানৰ মাজৰ সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ হেতু মিন্সকৰ সহ অধ্যক্ষসকলৰ সৈতে আলোচনাত মিলিত হ’বলৈ সুযোগ প্ৰদান কৰে ৷

OSCE মিন্সক গ্ৰুপে জনোৱা মতে, গ্ৰুপৰ সহ অধ্য়ক্ষ আৰু আৰ্মেনিয়া-আজাৰবেইজানৰ বিদেশ মন্ত্ৰীসকলে 29 অক্টোবৰত জেনেভাত এক বৈঠকত মিলিত হ’ব আৰু অন্তিম সহমত সিদ্ধান্তত উপনীত হ’ব ৷

উল্লেখ্য যে,যোৱা 27 ছেপ্তেম্বৰত নাগোৰ্নো-কাৰাবাখ সীমাত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হৈছিল ৷ দুয়োপক্ষই এটাই আনটোৰ ওপৰত গুলীবৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে ৷ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে এই মতভেদৰ সমাধানৰ অৰ্থে দলসমূহক আহ্বান জনায়,য’ত তুৰ্কীয়ে আজাৰবেইজানৰ পক্ষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ য়েৰেভান আৰু বাকু দুয়োৱে যুদ্ধ বিৰতিৰ চুক্তিত স্বাক্ষৰ কৰে যদিও চুক্তি কাৰ্যকৰী হোৱাৰ পূৰ্বেই সেনা প্ৰৱেশ কৰা পাচত দুয়ো পক্ষ ভাঙি পৰে ৷

লগতে পঢ়ক :কেৰিয়াৰৰ 92 সংখ্যক জয় ব্ৰিটিছ ড্ৰাইভাৰ লেৱিছ হেমিল্টনৰ

ABOUT THE AUTHOR

...view details