চিটাৰা ডেস্ক, ১৭ ডিচেম্বৰ :কৰ’ণা পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হ'ল মিছ ৱৰ্ল্ড ২০২১ ৰ গ্ৰেণ্ড ফিনালে (Miss World 2021 grand finale temporarily postponed) । বিবৃতিযোগে এই কথা ঘোষণা কৰিছে আয়োজকে । চলিত সপ্তাহত পুয়েৰ্টো ৰিকোত মিছ ৱৰ্ল্ড ২০২১ ৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা আছিল ।
কিন্তু প্ৰতিযোগী, কৰ্মচাৰী, ক্ৰু আৰু সাধাৰণ লোকৰ স্বাস্থ্যৰ কথা চিন্তা কৰি কাৰ্যসূচী অস্থায়ীভাৱে স্থগিত ৰখাৰ ঘোষণা কৰিছে আয়োজকে । অৱশ্যে পৰৱৰ্তী ৯০ দিনৰ ভিতৰত পুয়েৰ্টো ৰিকো কলিজিয়াম জোছ মিগুৱেল এগ্ৰেলটত এই প্ৰতিযোগিতাৰ দিন পুনৰ নিৰ্ধাৰণ কৰা হ'ব । মিছ ৱৰ্ল্ড ২০২১ অনুষ্ঠানৰ তত্বাৱধানত থকা ভাইৰ’লজিষ্ট আৰু বিশেষজ্ঞ চিকিৎসকসকলৰ সৈতে পুয়েৰ্টো ৰিকো স্বাস্থ্য বিভাগৰ আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
বিবৃতিটোত উল্লেখ কৰা মতে, কেইবাগৰাকী প্ৰতিযোগী আৰু কৰ্মচাৰী ইতিমধ্যে ক'ভিড 19 ত আক্ৰান্ত হৈছে । ইয়াৰ পাছতে প্ৰতিযোগী, প্ৰযোজনা দল আৰু দৰ্শকৰ অতিৰিক্ত সুৰক্ষাৰ স্বাৰ্থত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । কিন্তু পজিটিভ লোকৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আয়োজকে ।