অসম

assam

By

Published : Jun 7, 2020, 12:02 PM IST

ETV Bharat / international

ৰায়ফৰ্ডত জৰ্জ ফ্লয়ডলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

শনিবাৰে কেৰোলিনা ৰায়ফৰ্ডৰ বেপটিস্ট চাৰ্চত আৰক্ষীৰ বৰ্বৰতাৰ ফলক মৃত্যুক সাৱটা জৰ্জ ফ্লয়ডৰ বাবে অনুষ্ঠিত কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰায়ফৰ্ডৰ বহু সংখ্যক লোকে ।

ৰায়ফৰ্ড
ৰায়ফৰ্ডত জৰ্জ ফ্লয়ডলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক, ৭ জুনঃ আমেৰিকাৰ কেৰোলিনা ৰায়ফৰ্ডৰ বেপটিস্ট চাৰ্চত শনিবাৰে আয়োজন কৰা হয় সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । বিগত কিছুদিন পূৰ্বে আমেৰিকাত আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ মৃত্যু হোৱা আফ্ৰিকা-আমেৰিকাৰ কৃষ্ণাংগ ব্যক্তি জৰ্জ ফ্লয়ডক শ্ৰদ্ধাঞ্জলি জনোৱা উদ্দেশ্যৰে বেপটিস্ট চাৰ্চত অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জৰ্জ ফ্লয়ডৰ এখন ডাঙৰ ফটো ৰখাৰ উপৰিও ফ্লয়ডক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে চাৰ্চৰ ভক্তসকলে গীত পৰিৱেশন কৰে ।

ৰায়ফৰ্ডত জৰ্জ ফ্লয়ডলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে মিনিয়াপলিছত এজন আৰক্ষী বিষয়াই জৰ্জ ফ্লয়ড নামৰ আফ্ৰিকা-আমেৰিকাৰ এগৰাকী কৃষ্ণাংগ ব্যক্তিক শাৰীক নিৰ্যাতন চলোৱাৰ উপৰিও ব্য়ক্তি গৰাকীক বহু পৰলৈকে ডিঙিত চেপি ধৰাৰ বাবেই মৃত্যু হৈছিল ব্যক্তিজনৰ ।

ABOUT THE AUTHOR

...view details