নিউজ ডেস্ক,21 অক্টোবৰ : নিৰ্বাচনীত প্ৰচাৰ অভিযানত পুনৰ যোগদান কৰাৰ সম্ভাৱনা ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ ৷ আগন্তুক মঙলবাৰে পেন্সিলভেনিয়াৰ এক ৰেলীত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ভাগ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মেলানিয়া ট্ৰাম্পে ৷ ক’ভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰাৰ পাচত এই সিদ্ধান্ত লৈছে ফাৰ্ষ্ট লেডীয়ে ৷
মেলানিয়া ট্ৰাম্পৰ এই ঘোষণাই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বাবে এক অনুষ্মাৰক হিচাপে কাম কৰিব ৷ সোমবাৰে ট্ৰাম্পে সদৰি কৰে যে,‘‘ক’ভিড-19ৰ কথা শুনি শুনি আমনি লাগিছে ৷ আমেৰিকাত এদিনতে 58,000ৰো অধিক লোক ভাইৰাছত আক্ৰান্ত হৈছে ৷ লগতে এদিনতে 700ৰো অধিক আমেৰিকানৰ মৃত্য়ু হৈছে ৷