অসম

assam

হোৱাইট হাউচ,ট্ৰাম্প টাৱাৰত আক্ৰমণৰ পৰিকল্পনা

By

Published : Nov 25, 2020, 10:05 AM IST

নিউয়ৰ্ক চহৰৰ হোৱাইট হাউচ আৰু ট্ৰাম্প টাৱাৰত আক্ৰমণ কৰাৰ বাবে পৰিকল্পনা কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছে দক্ষিণ কেৰোলিনাৰ এগৰাকী ব্যক্তি ৷ দুধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ দ্বাৰা অনুপ্ৰাণিত হৈ ব্যক্তি গৰাকীয়ে আক্ৰমণৰ পৰিকল্পনা ৰচিছিল ৷

হোৱাইট হাউচ,ট্ৰাম্প টাৱাৰত আক্ৰমণৰ পৰিকল্পনা
হোৱাইট হাউচ,ট্ৰাম্প টাৱাৰত আক্ৰমণৰ পৰিকল্পনা

ইন্টাৰনেশ্যনেল ডেস্ক,25 নৱেম্বৰঃ আমেৰিকাৰ দক্ষিণ কেৰোলিনাত ইছলামিক ষ্টেট সন্ত্ৰাসবাদী গোটৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিউয়ৰ্ক মহানগৰৰ হোৱাইট হাউচ আৰু ট্ৰাম্প টাৱাৰত গুলি চালনা আৰু বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ অপৰাধত এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে ৷ মঙলবাৰে এই কথা প্ৰকাশ কৰিছে দক্ষিণ কেৰোলিনাৰ আৰক্ষীয়ে ৷

আমেৰিকাৰ চেন এন্টনিঅ'ৰ আদালতত এই সম্পৰ্কত সকলো কথা স্বীকাৰ কৰিছে বোমা বিস্ফোৰণ আৰু গুলিচালনাৰ পৰিকল্পনা কৰা 34 বছৰীয়া অভিযুক্ত ক্ৰিষ্টফাৰ চিয়েন মেথিউৱে ৷

অভিযুক্ত মেথিউৱে স্বীকাৰ কৰিছে যে, 2019 চনৰ মে মাহৰ পৰা তেওঁ টেক্সাছৰ ক'ষ্টৰ 22 বছৰ বয়সীয়া জেলিন ক্ৰিষ্টোফাৰ মলিনা নামৰ এগৰাকী যুৱতীৰ সৈতে আই এছ অৰ্থাৎ ইছলামিক ষ্টেটৰ হৈ দেশে বিদেশে আক্ৰমণৰ বাবে বোমা প্ৰস্তুত কৰা তথ্যৰ আদান প্ৰদান আৰু দুধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটত সদস্য ভৰ্তিৰ বাবে গোপনে কাম কৰি আছিল৷

14 অক্টোবৰত মলিনা আৰু মেথিউৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে,তেওঁলোকৰ বিৰুদ্ধে দুয়োজনকে বিদেশী সন্ত্ৰাসবাদী সংগঠনক বে আইনীভাৱে সহায় কৰা আৰু সন্ত্ৰাসবাদী সংগঠনৰ হৈ বিভিন্ন তথ্য আদান প্ৰদান কৰাৰ গুৰুতৰ অভিযোগত অভিযুক্ত কৰা হৈছে ৷

মেথিউক 4 মাৰ্চত ঘোষণা কৰিবলগা শাস্তিৰ চূড়ান্ত শুনানিত 20 বছৰৰ বাবে আমেৰিকাৰ ফেডাৰেল কাৰাগাৰত কাৰাবাসৰ শাস্তি ঘোষণা কৰিছিল,বৰ্তমান তেওঁ আৰু মলিনা দুয়ো ফেডাৰেল জামিনত আছে ৷ কিন্তু ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অপৰাধত দোষী সাব্যস্ত হ'লে 40 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব ৷

লগতে চাওকঃপ্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা জনাই অৰ্ধনমিত কৰা হ’ল গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকা

ABOUT THE AUTHOR

...view details