ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ জুন :কেলিফৰ্ণিয়াৰ চহৰ লছ এঞ্জেলছত (Los Angeles) চাঞ্চল্যকৰ ঘটনা । চলন্ত বিমানৰ পৰা জপিয়ালে এজন যাত্ৰী । লছ এঞ্জেলছত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটৰ্ণীৰ কাৰ্যালয়ে জনোৱা মতে, লুইছ এণ্টনিঅ' ভিক্ট’ৰিয়া ডমিনগুয়েজ নামৰ মেক্সিক’ৰ লোক এজনে বিমানৰ জৰুৰীকালীন প্ৰস্থানৰ দ্বাৰা জপিয়াই আঘাতপ্ৰাপ্ত হয় ৷ তাৰ পূৰ্বে প্লেনৰ ককপিটত (aeroplane cockpit) প্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱা লোকজন ড্ৰাগছ আসক্ত আছিল বুলি জানিব পৰা যায় ।
লোকজনৰ ইতিমধ্যে অস্ত্ৰোপচাৰ সম্পন্ন হৈছে ৷ তেওঁৰ বিৰুদ্ধে ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে । এগৰাকী বিমান কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগত তেওঁক এই সপ্তাহতে ফেডাৰেল আদালতত হাজিৰ কৰোৱা হ'ব ৷ আদালতত দোষী সাব্যস্ত হ'লে ২০ বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে ।
৩৩ বছৰীয়া লোকজনে মঙলবাৰে মেক্সিক’ৰ কাবো চান লুকাসৰ পৰা লছ এঞ্জেলছলৈ আহিছিল । তেওঁ চল্ট লেক চিটিলৈ যাব বিচাৰিছিল । ইফালে তেওঁৰ কোনো সংগীও নাছিল বিমানখনত ।