অসম

assam

ETV Bharat / international

61 শতাংশ মহিলাৰে গঠিত বাইডেনৰ হোৱাইট হাউছ প্ৰশাসন

বাইডেন প্ৰশাসনৰ বাবে হোৱাইট হাউছত নৱনিযুক্ত বিষয়ববীয়াৰ অধিকাংশই মহিলা প্ৰাৰ্থী ৷ 61 শতাংশ মহিলা আৰু 11 শতাংশ LGBTQ আৰু 54 শতাংশ বিভিন্ন বৰ্ণৰ লোকেৰে গঠিত হৈছে বাইডেন হেৰিছৰ নতুন প্ৰশাসন ৷

61 শতাংশ মহিলাৰে গঠিত বাইডেনৰ হোৱাইট হাউছ প্ৰশাসন
61 শতাংশ মহিলাৰে গঠিত বাইডেনৰ হোৱাইট হাউছ প্ৰশাসন

By

Published : Dec 31, 2020, 1:29 PM IST

নেচনেল ডেস্ক, 31 ডিচেম্বৰ:বাইডেন প্ৰশাসনৰ বাবে হোৱাইট হাউছত নিযুক্তি লাভ কৰা বিষয়ববীয়াৰ 61 শতাংশই মহিলা আৰু 54 শতাংশ লোক অন্য বৰ্ণৰ বুলি সংযুক্ত ৰাষ্ট্ৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বাইডেনৰ ট্ৰানজিশ্যন টিমে জানিবলৈ দিছে ৷

বুধবাৰে সংযুক্ত ৰাষ্ট্ৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেন আৰু উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কমলা হেৰিছে সংযুক্ত ৰাষ্ট্ৰৰ শাসনত অধিষ্ঠিত হ'ব লগা তেওঁলোকৰ প্ৰশাসনৰ বাবে 100 গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰে ৷

বাইডেনৰ ট্ৰানজিশ্যন টিমটোৱে কয় যে এইসকল ব্যক্তিয়ে হোৱাইট হাউছৰ এক ঐতিহাসিক আৰু প্ৰতিবন্ধকতা ভঙা প্ৰশাসনৰ অংশ হ'বলৈ গৈ আছে ৷ টিমটোৱে লগতে উল্লেখ কৰে যে বাইডেন আৰু হেৰিছ নেতৃত্বাধীন প্ৰশাসনে সদায় বিভিন্ন মতাদৰ্শক প্ৰাধান্য দিব আৰু ৰাষ্ট্ৰখনৰ আটাইতকৈ জটিল সমস্যসমূহ সমাধানৰ বাবে প্ৰতিভাক অগ্ৰাধিকাৰ দিব ৷

ট্ৰানজিশ্যন টিমে কয় যে নতুনকৈ নাম ঘোষণা কৰাসকলৰ সৈতে আমেৰিকাক প্ৰতিনিধিত্ব কৰা হোৱাইট হাউছত নিয়োজিত প্ৰথম 100 ৰো অধিক বিষয়ববীয়াৰ ভিতৰত 61 শতাংশ মহিলা, 54 শতাংশ বিভিন্ন বৰ্ণৰ আৰু 11 শতাংশ LGBTQ লোক আছে ৷

বিভিন্নতাৰ সমাহাৰেৰে গঠিত হোৱা এটা দলে যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত অধিক ভাল ফলাফল লাভ কৰাত সহায় কৰিব বুলি মন্তব্য কৰি বাইডেনে কয়, "আৰম্ভণিৰে পৰা উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হেৰিছ আৰু মই এনে এখন প্ৰশাসন গঠন কৰিব খুজিছিলো যিখন প্ৰশাসন দেখাত আমেৰিকাৰ দৰে হয় ৷ আমাৰ ৰাষ্ট্ৰখনক অধিক ভালকৈ গঢ়ি তোলাৰ ক্ষেত্ৰত আজি নিযুক্ত হোৱা লোকসকলে তেওঁলোকৰ অভিজ্ঞতাৰ জৰিয়তে আমাক সহায় কৰিব ৷"

লগতে পঢ়ক:ট্ৰাম্প প্ৰশাসনৰ ভেকচিনেচন প্ৰক্ৰিয়া কাৰ্যসূচীতকৈ বহু পিছ পৰি আছেঃ জ’ বাইডেন

ABOUT THE AUTHOR

...view details