অসম

assam

ETV Bharat / international

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনঃ কোনে মাৰিব শেষ হাঁহি ? - হোৱাইট হাউচ

ৰিপাব্লিকান পাৰ্টীৰ তৰফৰ পৰা ডোনাল্ড ট্ৰাম্পে পুনৰ এবাৰ নিজৰ ভাগ্য নিৰ্ণয় কৰিবলৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷ অন্যহাতে ডেমক্ৰেটিক পাৰ্টীৰ তৰফৰ পৰা দুবাৰকৈ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা জ‘ বিডেনে এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷

live-us-election-2020-begins
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনঃ কোনে মাৰিব শেষ হাঁহি ?

By

Published : Nov 3, 2020, 5:12 PM IST

নিউজ ডেস্ক, 3 নৱেম্বৰ: আমেৰিকা যুক্তৰাষ্ট্ৰত 45 তম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট দান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ আমেৰিকাৰ নিউ হেপশ্বায়ৰত প্ৰথমটো ভোট প্ৰদান কৰা হৈছে ৷ উক্ত অঞ্চলৰ 50 শতাংশ ভোটদান ইতিমধ্যে ডাকযোগে সম্পন্ন কৰা হৈছে ৷ যিসকল ভোটাৰে পোষ্টেল বেলট প্ৰক্ৰিয়াৰে ভোটদান কৰা নাই সেই সকলে মঙলবাৰে ভোটদান কৰিবলৈ ওলাই আহিছে ৷

ৰিপাব্লিকান পাৰ্টীৰ তৰফৰ পৰা ডোনাল্ড ট্ৰাম্পে পুনৰ এবাৰ নিজৰ ভাগ্য নিৰ্ণয় কৰিবলৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷ অন্যহাতে ডেমক্ৰেটিক পাৰ্টীৰ তৰফৰ পৰা দুবাৰকৈ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা জ‘ বিডেনে এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷

আমেৰিকাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সম্প্ৰতি হোৱাইট হাউচকে আদি কৰি সমগ্ৰ আমেৰিকাতে নিৰপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷ ইফালে ৰাষ্ট্ৰপতি ভৱনৰ সুৰক্ষাৰ ফালে লক্ষ্য ৰাখি ৰাষ্ট্ৰপতি ভৱনৰ চৌপাশে ওখ ওখ দেৱাল নিৰ্মাণ কৰি দিয়া হৈছে ৷

লগতে পঢ়ক: মালিত সন্ত্ৰাসবাদী ওপৰত ফ্ৰান্সৰ বিমান আক্ৰমণ

ABOUT THE AUTHOR

...view details