অসম

assam

ETV Bharat / international

মাৰ্কিন কেপিট'ল হিলত হিংসাত্মক ঘটনাঃ এলেইন চাওৰ পদত্যাগ - ভাগৰ সহযোগীসকলক এক পত্ৰযোগে পদত্যাগৰ কথা ঘোষণা

মাৰ্কিন কেপিট'ল হিলত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে আমেৰিকা পৰিবহন সচিব এলেইন চাওৱে পদত্যাগৰ ঘোষণা কৰে । তেওঁৰ বিভাগৰ সহযোগীসকলক এক পত্ৰযোগে পদত্যাগৰ কথা ঘোষণা কৰে ।

মাৰ্কিন কেপিট'ল হিলত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে পৰিৱহন সচিব এলেইন চাওৰ পদত্যাগ
মাৰ্কিন কেপিট'ল হিলত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে পৰিৱহন সচিব এলেইন চাওৰ পদত্যাগ

By

Published : Jan 8, 2021, 6:17 PM IST

নিউজ ডেস্ক,৮ জানুৱাৰী: মাৰ্কিন কেপিট'ল হিলত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে আমেৰিকা পৰিবহন সচিব এলেইন চাওৱে পদত্যাগৰ ঘোষণা কৰে । তেওঁৰ বিভাগৰ সহযোগীসকলক এক পত্ৰযোগে পদত্যাগৰ কথা ঘোষণা কৰি কয় যে সুদীৰ্ঘ দিনে বিভাগটোত সেৱা আগবঢ়োৱাৰ বাবে এয়া আজীৱন সন্মান। ইয়াৰোপৰি চাওৱে উল্লেখ কৰে যে এই বিভাগটো দায়িত্ব সহকাৰে নিয়াৰিকৈ চলাই নিবলৈ উত্তৰাধিকাৰী মেয়ৰ পীট বাটিগৰ সহায় আগবঢ়াব ।

মাৰ্কিন কেপিট'ল হিলত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে পৰিৱহন সচিব এলেইন চাওৰ পদত্যাগ

২০১৭ চনৰ পৰা ৬৭ বছৰীয়া এলেইন চাওৱে আমেৰিকা পৰিৱহন সচিবৰ দায়িত্ব পালন কৰি আহিছিল । প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ কাৰ্যকালৰ সময়ত ২০০১ চনৰ পৰা ২০০৯ চনলৈ শ্ৰম বিভাগৰ সচিব আছিল ।

উল্লেখ্য যে,বুধবাৰে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ একাংশ সমৰ্থকে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এক নতুন মোৰ দিয়াৰ চেষ্টাৰে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হয় ৷ কিয়নো বুধবাৰে বাইডেনক ৰাষ্ট্ৰপতি হিচাপে মোহৰ প্ৰদানৰ বাবে কেপিট'ল বিল্ডিঙত যৌথ অধিৱেশন চলিছিল ৷ পৰিস্থিতি কোনো দিশে ঢাল খাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেপিট'ল বিল্ডিঙত পূৰ্বৰ পৰাই মোতায়েন কৰা হৈছিল পৰ্যাপ্ত আৰক্ষী আৰু সেনা ৷ কিন্তু সেয়াও ফলপ্ৰসু নহ'ল নিৰাপত্তাৰক্ষী সকলৰ সৈতে আৰম্ভ হোৱা সংঘৰ্ষত একাংশই বেৰিকেড ওফৰাই প্ৰৱেশ কৰে কেপিট'ল বিল্ডিঙৰ ভিতৰত ৷ এই সংঘৰ্ষত চাৰিজনৰ মৃত্যু হোৱাৰ লগতে কেবাজনো আঘাতপ্ৰাপ্ত হয় । ঘটনাৰ আঁৰত ড'নাল্ড ট্ৰাম্পৰ ভূমিকা আছে বুলি সকলোৱে সন্দেহ কৰিছে ।

লগতে পঢ়ক: মাৰ্কিন কেপিট'ল হিলৰ হিংসাত্মক কাণ্ডক গৰিহণা দিলে ড'নাল্ড ট্ৰাম্পে

For All Latest Updates

ABOUT THE AUTHOR

...view details