অসম

assam

ETV Bharat / international

হানৈ সন্মিলনৰ বাবে ৰেলেৰে ভিয়েটনামলৈ ৰাঁওনা কি জং উন

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু উত্তৰ কোৰিয়াৰ মাজৰ দ্বিতীয়লানি হানৈ আলোচনাৰ বাবে ভিয়েটনামলৈ ৰাঁওনা হৈছে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উন । প্ৰায় ৬০ ঘন্টীয়া এক দীঘলীয়া ৰেল যাত্ৰাৰে ভিয়েটনামৰ ডাং ডং চহৰলৈ বুলি ৰাঁওনা হয় বিশ্বৰ অন্যতম শক্তিশালী নেতাগৰাকী ।

হানৈ সন্মিলন

By

Published : Feb 24, 2019, 3:07 PM IST


নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰীঃআমেৰিকা যুক্তৰাষ্ট্ৰ আৰু উত্তৰ কোৰিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰিবলৈ দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধান দুগৰাকীয়ে ভিয়েটনামৰ হানৈ চহৰত মিলিত হ'ব এক উচ্চস্তৰীয় সামৰিক-কূটনৈতিক আলোচনাত । বিগত বৰ্ষৰ জুন মাহত ছিংগাপুৰত অনুষ্ঠিত হৈছিল দুয়োখন দেশৰ প্ৰথমলানি আলোচনা । ইয়াৰ বাবে দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধান ডনাল্ড ট্ৰাম্প আৰু কিম জং উনে অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত ভিয়েটনামৰ হানৈ চহৰত আলোচনাত মিলিত হ'ব ।

হানৈ সন্মিলন

আলোচনাত দুয়োগৰাকী নেতাই সামৰিক শক্তি আৰু পাৰমানৱিক নিৰস্ত্ৰীকৰণৰ ওপৰত বিশদ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে । ছিংগাপুৰত অনুষ্ঠিত হোৱা প্ৰথমলানি আলোচনাত উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনে পাৰমানৱিক শক্তিৰ ওপৰত নিষেধাজ্ঞা আৰোপত গুৰুত্ব প্ৰদান কৰিবলৈ সিদ্ধান্তত উপনীত হৈছিল । এই সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ বিশ্বতে ব্যাপক চৰ্চা লাভ কৰিছিল । এই সিদ্ধান্তৰ বাবে উত্তৰ কোৰিয়াই দেশখনৰ অৰ্থনৈতিক প্ৰতিবন্ধকতা আঁতৰাই দিবলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল । আনহাতে উত্তৰ কোৰিয়াৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি যেতিয়ালৈকে দেশখনে সম্পূৰ্ণৰূপে পাৰমানৱিক নিৰস্ত্ৰীকৰণৰ আৰু পৰীক্ষণ বন্ধ নকৰে তেতিয়ালৈকে কোনো প্ৰতিবন্ধকতা আঁতৰোৱা নহয় বুলি নিজৰ স্থিতি স্পষ্ট কৰি দিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই ।

হানৈ সন্মিলন

চলিত বৰ্ষত পাৰমানৱিক শক্তিৰ উপৰিও দুয়োখন দেশেই কোৰিয়ান পেনিনছুলাৰ ওপৰত থকা প্ৰতিবন্ধকতাসমূহ আঁতৰোৱাৰ লগতে নিউট্ৰ্লে জ'নৰ ওপৰতো আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে ।

হানৈ সন্মিলন

অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত ভিয়েটনামৰ হানৈ চহৰত হ'বলগীয়া সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইতিমধ্যে ৰেলযোগে ৬০ ঘন্টীয়া এক দীঘলীয়া যাত্ৰাৰে ভিয়েটনামৰ ডাং ডং চহৰত উপস্থিত হ'বৰ বাবে ৰাঁওনা হৈছে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপ্ৰধান কিম জং উন । নেতাগৰাকীৰ এই যাত্ৰাত কেইবাগৰাকীও উচ্চপদস্থ সামৰিক বিষয়াৰ লগতে ভনীয়েক কিম য়ো জং আৰু বিশেষ সচিব কিম য়ং চলে সংগ প্ৰদান কৰিছে । নেতাগৰাকীয়ে পংয়াং ৰেল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি ডাং ডং ষ্টেচনত উপস্থিত হোৱাৰ পিচতে গাড়ীৰে গৈ হানৈ চহৰত উপস্থিত হ'ব ।

ABOUT THE AUTHOR

...view details