ইন্টাৰনেশ্বনেল ডেস্ক, 3 জানুৱাৰী : ইৰানৰ শীৰ্ষ নেতা আয়াতুল্লাহ ছৈয়দ আলি খামেনেই শুকুৰবাৰে আমেৰিকাৰ বিৰুদ্ধে কঠোৰ প্ৰতিশোধ লোৱাৰ কথা ঘোষণা কৰিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ নিৰ্দেশত ইৰানত এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে ইৰাণৰ জেনেৰেল কুদচ ফোৰ্চৰ প্ৰধান কাচিম ছোলেইমানিক হত্যা কৰা হয় ৷ ইয়াৰ পাচতে এই প্ৰতিশোধৰ কথা ঘোষণা কৰে খামেনিয়ে ৷
এক বিবৃতিৰ জৰিয়তে খামেনিয়ে কয় যে, পৃথিৱীৰ সকলোতকৈ পাশৱিক লোকসকলে অশুভ শক্তিৰ বিৰুদ্ধে সাহসেৰে যুঁজি থকা সন্মানীয় কমাণ্ডাৰ গৰাকীক হত্যা কৰিলে ৷ বিবৃতিত কোৱা হয়, "তেওঁৰ মৃত্যুয়ে তেওঁৰ অভিযানক ধংস কৰিব নোৱাৰে, কিন্তু বৃহস্পতিবাৰৰ নিশা যিসকল অপৰাধীয়ে জেনেৰেল ছোলেইমানি আৰু অন্যসকলৰ হত্যা কৰিলে সেইসকলৰ বিৰুদ্ধে কঠোৰ প্ৰতিশোধ গ্ৰহণ কৰা হ'ব ৷"
খামেনিয়ে লগতে কয়, "অপৰাধী আৰু হত্যাকাৰীৰ বিৰুদ্ধে বিৰামহীন যুদ্ধই তেওঁলোকৰ জীৱন দূৰ্বিসহ কৰি তুলিব ৷"