অসম

assam

ETV Bharat / international

কমলা হেৰিছৰ পৰৱৰ্তী জন্মদিন হোৱাইট হাউছত আয়োজনৰ আশা বিডেনৰ

কমলা হেৰিছক জন্মদিনৰ শুভেচ্ছা জ' বিডেনৰ ৷ 56 বছৰত ভৰি দিয়া হেৰিছক টুইটাৰৰ জৰিয়তে শুভেচ্ছা বিডেনৰ ৷

By

Published : Oct 21, 2020, 12:27 PM IST

বিডেনৰ শুভেচ্ছা
কমলা হেৰিছৰ জন্মদিন

ইন্টাৰনেশ্যনেল ডেস্ক, 21 অক্টোবৰ :ডেম'ক্ৰেটিক দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছে মঙলবাৰে 56 বছৰ বয়সত ভৰি দিয়ে ৷ এই শুভ ক্ষণত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ' বিডেনে হেৰিছলৈ শুভেচ্ছা প্ৰেৰণ কৰে ৷ টুইটাৰৰ জৰিয়তে শুভেচ্ছা প্ৰদান কৰি বিডেনে কয় যে, হেৰিছৰ পৰৱৰ্তী জন্মদিন হোৱাইট হাউছত উদযাপন কৰিব ৷

ডেম'ক্ৰেটিক দলৰ দুয়োগৰাকী নেতাই হাতত ধৰি থকা এখন ফটোগ্ৰাফ টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰি বিডেনে লিখে, "জন্মদিনৰ শুভেচ্ছা থাকিল, কমলা হেৰিছ ৷ অহা বছৰ, হোৱাইট হাউছত কিছু আইচক্ৰীমৰ সৈতে জন্মদিন পালন কৰো আঁহক ৷" আগষ্ট মাহত কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল জ' বিডেনে ৷

উল্লেখ্য যে, এই পদত জয়ী হ'লে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে বিবেচিত হ'ব কমলা হেৰিছ ৷ ইয়াৰোপৰি, অহা মাহত বিডেনেও 78 সংখ্যক জন্মদিন পালন কৰিব ৷

হেৰিছে টুইটাৰৰ জৰিয়তে কয় যে, এইবাৰৰ জন্মদিনৰ তেওঁৰ আশা হৈছে সকলোৱে ভোট প্ৰদান কৰক ৷ হেৰিছৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে প্ৰাক্তন ৰাজ্যিক সচিব হিলাৰী ক্লিন্টনে ৷ 2016 চনৰ ডেম'ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ক্লিন্টনে সকলোকে ভোট দিবলৈ আহ্বান জনোৱাৰ লগতে কয়, "দুসপ্তাহৰ পাচত আমি এইগৰাকী মহিলাক উপ-ৰাষ্ট্ৰপতি মেডাম বুলি ক'ব পাৰিম ৷"

ডেম'ক্ৰেটিক দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ মুখপাত্ৰ ছাব্ৰিনা সিঙেও কমলা হেৰিছক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ প্ৰাক্তন ফাৰ্ষ্ট লেডী মিচেল অবামাই শুভেচ্ছা জ্ঞাপন কৰি কয়, "জন্মদিনৰ শুভেচ্ছা ৷ এই বিশেষ দিনত আপুনি লাভ কৰক অশেষ মৰম ৷" প্ৰাক্তন ফাৰ্ষ্ট লেডী জিল বিডেনেও টুইটাৰৰ জৰিয়তে হেৰিছক জন্মদিনৰ শুভেচ্ছা প্ৰেৰণ কৰে ৷

আনহাতে, ইনষ্টাগ্ৰামৰ জৰিয়তে হেৰিছক জন্মদিনৰ শুভকামনা প্ৰেৰণ কৰে হেৰিছৰ স্বামী দৌগ এমহফে ৷ তেওঁ লিখে, "ব্লাইণ্ড ডেট, প্ৰথম ছাৱনিতে প্ৰেম, বিবাহ, পৰিয়াল আৰু একেলগে জীৱন-যাপন ৷ কোনো সংকোচবোধ নকৰাকৈ সকলো সময়তে তেওঁ মোৰ আৰু পৰিয়ালৰ বাবে থিয় দিছে ৷ মোৰ পত্নী কমলা হেৰিছলৈ জন্মদিনৰ শুভেচ্ছা ৷" লগতে হেৰিছক ভোট দিবলৈও সকলোকে সুঁৱৰাই দিয়ে এমহফে ৷

লগতে পঢ়ক :নিৰ্বাচনী ৰেলীত যোগ দিয়াৰ সিদ্ধান্ত মেলানিয়া ট্ৰাম্পৰ

ABOUT THE AUTHOR

...view details