অসম

assam

By

Published : Aug 14, 2020, 11:17 AM IST

ETV Bharat / international

কমলা হেৰিছ-এক দক্ষিণ এছীয় প্ৰৱজনকাৰী আমেৰিকাবাসীৰ সপোন

চলিত বৰ্ষৰ জানুৱাৰী মাহত কমলা হেৰিছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্বৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰি ডেম’ক্ৰেট দলৰ প্ৰাৰ্থী জ’ বাইডেনৰ নিকটতম সহযোগী হিচাপে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে আৰু ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত এক চিৰস্মৰণীয় মুহূৰ্ত হৈ ৰ’ব ৷

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী
কমলা হেৰিছ

২০১৯ চনৰ জুন মাহত ডেম'ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়ে সন্মুখীন হোৱা প্ৰথমটো প্ৰাথমিক তৰ্ক যুঁজত কমলা হেৰিছে এক সবল যুক্তিৰে জ’ বাইডেনক ধাৰাষায়ী কৰিছিল ৷ ছিনেটৰ হেৰিছে কয়, “আপুনি জানেনে, কেলিফৰ্ণিয়াৰ এজনী সৰু ছোৱালী, যি চৰকাৰী বিদ্যালয়সমূহত কৰা একত্ৰীত্বকৰণৰ বাবে দ্বিতীয় শ্ৰেণীৰ আছিল আৰু তাইক সদায় স্কুললৈ পঠিওৱা হৈছিল ৷ সেইজনী ছোৱালী আছিলো মই ৷” ছিনেটৰ হেৰিছে কয় ৷ আদালতে জাতি-বৰ্ণ আৰু আৰ্থ-সামাজিক স্থিতিৰ ভিত্তিত বিভাজন সৃষ্টি কৰাৰ অভিযোগেৰে অভিযুক্ত আমেৰিকান বিদ্যালয়সমূহক একত্ৰীত্বকৰণৰ উদ্দেশ্যে কৃষ্ণাংগ ছাত্ৰ-ছাত্ৰীসকলক শ্বেত অধ্যুষিত জিলাসমূহত বসতি কৰোৱাবলৈ দিয়া নিৰ্দেশৰ প্ৰতি বাইডেনে কৰা বিৰোধীতাক সমালোচনা কৰি হেৰিছে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷

ইয়াৰ পূৰ্ৱে দক্ষিণৰ দুজন বিচ্ছিন্নতাবাদী ডেমক্ৰেট ছিনেটৰ, মিছিছিপিৰ জেমছ অ’ ইষ্টলেণ্ড আৰু জৰ্জিয়াৰ হাৰ্মান টালমেইজ্‌ৰ বিষয়ে উল্লেখ কৰাৰ বাবে বাইডেনক হাৰিছে তীক্ষ্ন সমালোচনা কৰিছিল ৷ তেওঁ সত্তৰ আৰু আশী দশকৰ ‘অ’ল্ড ফেশ্বন’ ‘চিভিলিটি’ৰ উল্লেখ কৰি কয়, “মই আচলতে - এই দেশৰ বৰ্ণবৈষম্যৰ ওপৰত ৰাজনীতি কৰি নিজৰ প্ৰতিস্থা আৰু কৰ্মজীৱন গঢ়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুজন ছিনেটৰৰ বিষয়ে আপুনি উল্লেখ কৰা বুলি শুনিবলৈ পোৱা কথাটোৱে মোক দুখ দিছিল ৷ আৰু কথাটো মাত্ৰ ইমানতেই শেষ নহয়…আনকি আপুনি বাছ চলাচল কৰিবলৈ দিয়া নিৰ্দেশৰ বিৰোধিতা কৰিবলৈ তেওঁলোক দুজনৰ লগত লগ হৈ কামো কৰিছিল ৷

চলিত বৰ্ষৰ জানুৱাৰী মাহত কমলা হেৰিছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্বৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰি ডেম’ক্ৰেট দলৰ প্ৰাৰ্থী জ’ বাইডেনৰ নিকটতম সহযোগী হিচাপে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে আৰু ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত এক চিৰস্মৰণীয় মুহূৰ্ত হৈ ৰ’ব ৷

কেলিফৰ্ণিয়াৰ দুজন প্ৰৱজনকাৰী অভিভাৱক পিতৃ ড’নাল্ড হেৰিছৰ ঔৰসত আৰু মাতৃ শ্যামলা গোপালনৰ গৰ্ভত জন্ম গ্ৰহণ কৰা কমলা হেৰিছ হ’ল প্ৰথম দক্ষিণ এছীয় আমেৰিকাবাসী কৃষ্ণাংগ মহিলা, যিয়ে এক প্ৰমুখ ৰাজনৈতিক দলৰ হৈ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্বৰ বাবে প্ৰতিদন্দ্বিতাত অৱতীৰ্ণ হ’ব ৷ উল্লেখ্য যে, তেওঁৰ পিতৃ ড’নাল্ড হেৰিছে জামাইকাৰ পৰা প্ৰৱজন কৰিছিল ৷ তেওঁৰ মাতৃয়ে তামিলনাডুৰ পৰা এগৰাকী ছাত্ৰী হিচাপে ইউ চি বাৰ্কলেলৈ অধ্যয়নৰ বাবে গৈছিল ৷ দুয়ো দুয়োকে ইউ চি বাৰ্কলে’ত স্নাতক পাঠ্যক্ৰমত পঢ়ি থকাৰ অৱস্থাত প্ৰথম লগ পায় আৰু দুয়ো গণ অধিকাৰৰ আন্দোলনত সক্ৰিয় যোগদান কৰে ৷

শ্যামলাৰ পিতৃ আছিল পি ভি গোপালন ৷ তেওঁ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজ কৰা এজন আদৰ্শবান আমোলা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল ৷ গোপালনে সঞ্চয়ৰ ধন ভাঙি, নিজৰ সপোন সাৰ্থক কৰিবৰ বাবে জ্যেষ্ঠ কন্যাই সাত সাগৰৰ সিপাৰলৈ যাবলৈ লোৱা সিদ্ধান্তক সমৰ্থন জনাই অনুমতি দিছিল ৷ “মোৰ ককাদেউতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰকৃত যোদ্ধাসকলৰ এজন আছিল ৷ তেওঁৰ অৱসৰৰ পাচত বেচান্ত নগৰত বাস কৰিবলৈ লয় ৷ যাক এতিয়া মাদ্ৰাছ বুলি কোৱা হয় ৷ সাগৰৰ বালিচৰত তেওঁৰ লগত খোজকঢ়াৰ স্মৃতি, মোৰ শৈশৱৰ আটাইতকৈ ভাল লগা স্মৃতিবোৰৰ ভিতৰত পৰে ৷ সাগৰৰ পাৰে পাৰে তেওঁ, তেওঁৰ লগৰ আন আন চৰকাৰী অৱসৰপ্ৰাপ্ত লোকসকলৰ লগত প্ৰাতঃভ্ৰমণ কৰিছিল আৰু ৰাজনীতিৰ বিষয়ে কথা পাতিছিল… কেনেকৈ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু ন্যায়ৰ আনিব লাগিব ৷ তেওঁলোকে হাঁহিছিল… মতামত ৰাখিছিল… তৰ্ক কৰিছিল… আৰু সেই কথোপকথনবোৰে… আনকি তেওঁলোকৰ ক্ৰিয়া-কলাপ বোৰতকৈও মোক মোৰ দায়িত্বজ্ঞানৰ ক্ষেত্ৰত, সৎ আৰু নিষ্ঠাবান হোৱাৰ ক্ষেত্ৰত তথা ঐক্যতাৰ সম্পৰ্কে বহু বেছি পৰিমাণে প্ৰভাৱিত কৰি তুলিছিল ৷” “ইণ্ডিয়া এব্ৰ’ড ইন ২০০৯” অৰ হৈ আজিজ হানিফাই লোৱা এক সাক্ষাৎকাৰত কমলা হাৰিছে স্মৃতি ৰোমন্থন কৰি এইদৰে কৈছিল ৷

অন্য কিছু সাক্ষাৎকাৰত কমলা হেৰিছে প্ৰগতিশীল চিন্তাধাৰাৰ ব্যক্তি তেওঁৰ ককাদেউতাকক পৃথিৱীৰ আটাইতকৈ ভাললগা লোকসকলৰ ভিতৰতেই অন্যতম বুলি আখ্যা দিছে ৷ তেওঁ উল্লেখ কৰে যে ককাদেউতাকৰ সৈতে তেওঁ বহু বছৰ ধৰি পত্ৰৰ যোগেৰে যোগাযোগ ৰাখিছিল আৰু ককাদেউতাকেই তেওঁক তেওঁৰ লোকসেৱাৰ যি মনোবৃত্তি, সেইয়া গঢ় দিয়াত সহায় কৰিছিল ৷ কিন্তু ৰাজহুৱা ভাষণবোৰত ছিনেটৰ হেৰিছে তেওঁৰ মাকৰ কথাহে নিয়মিত উল্লেখ কৰি আহিছে ৷

কমলা হেৰিছৰ কিশোৰী অৱস্থাতেই পিতৃ-মাতৃৰ বিচ্ছেদ ঘটে আৰু ইয়াৰ পাচত মাতৃ শ্যামলাই মন্ট্ৰিলত দুই জীয়ৰী কমলা আৰু মায়াৰ সৈতে বসবাস কৰিবলৈ লয় ৷ তেওঁৰ মাতৃয়ে দুয়োকে ডাঙৰ-দীঘল কৰে ৷ “মোৰ মাতৃ এগৰাকী গৰ্ৱিত মহিলা ৷ তেঁৱেই মোক আৰু মোৰ ভগ্নীক ডাঙৰ কৰিছে ৷ তেওঁ কথা কওঁতে উচ্চাৰণত মাতৃভাষাৰ প্ৰভাৱ পৰিছিল ৷ তেওঁ এনে এগৰাকী মহিলা আছিল যাক বহুসময়ত মানুহে উপেক্ষা কৰিছিল, গম্ভীৰতাৰে লোৱা নাছিল ৷ নাইবা তেওঁৰ কথা কোৱাৰ সুৰৰ বাবে তেওঁৰ বুদ্ধিমত্তা নিম্ন পৰ্যায়ৰ বুলি অনুমান কৰি লৈছিল ৷ এতিয়া, প্ৰত্যেকবাৰেই মোৰ মাতৃয়ে তেনে লোকসকলক ভুল বুলি প্ৰমাণিত কৰিছে ৷ কিয়নো মোৰ মা কোন আছিল, তেওঁ কি বিশ্বাস কৰিছিল, তেওঁৰ সপোন দেখিবলৈ কেনে সক্ষমতা আছিল আৰু সেই সপোনক দিঠকত পৰিণত কৰিবলৈ তেওঁ কেনেকৈ কৰ্ম কৰিছিল, প্ৰকৃত কথাটো হ’ল মোৰ মাই কেতিয়াও কাকো কি সম্ভৱ আছিল সেইটো কোৱাৰ অনুমতি দিয়া নাছিল, এটা প্ৰজন্মৰ ভিতৰতে, মই ইয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ এজন গুৰুত্বপূৰ্ণ প্ৰাৰ্থী হিচাপে থিয় দিছোঁ ৷” কমলা হেৰিছে এই বৃহৎ ঘোষণা কৰাৰ পাচত পূৰ্ৱৰ এক প্ৰচাৰ অভিযানৰ ভাষণত মাকৰ প্ৰশংসাত এইদৰে কৈছিল ৷ ইয়াৰ ভিডিঅ’ ক্লিপ ভগ্নী মায়াই টুইট কৰে ৷

দুখন দেশৰ দুই বৰ্ণৰ সিপাৰ লগত জৰিত, উদাৰ আৰু প্ৰগতিশীল দৃষ্টিভংগীৰ কমলা হেৰিছ যদি উপ-ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হয়, তেনেহ’লে তেওঁ ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এগৰাকী প্ৰমুখ দাবীদাৰ হিচাপে পৰিণত হ’ব আৰু তেনেস্থলত তেওঁ ভাৰতৰ সংখ্যা গৰিষ্ঠ হিন্দু জাতীয়তাবাদী শাসনাধিস্থ দলটোৰ সৈতে কেনে সম্পৰ্ক বজাই চলিব সেইটো লক্ষ্য কৰাটো এক অতি আকৰ্ষণীয় ঘটনা হ’ব ৷ আপাতত জনসাধাৰণৰ দৃষ্টিত ‘ট্ৰাম্প-মোদীৰ’ বন্ধুত্বক উৎসাহ যোগাবলৈ ‘হাউডি মোদী’ অনুষ্ঠানটিৰ বাবে ইণ্ডো-আমেৰিকান সম্প্ৰদায়েৰে হিউষ্টনৰ ষ্টেডিয়াম ভৰি পৰিব পাৰে ৷ কিন্তু কমলা হেৰিছৰ প্ৰৱজ্জনৰ শক্তিশালী শিপাডাল আৰু ভাৰতীয় বংশোদ্ভৱৰ সংযোগ ইণ্ডো-অমেৰিকান সম্প্ৰদায়কে ধৰি দক্ষিণ এচীয় আমেৰিকাবাসী সকল তেওঁৰ সপক্ষে থিয় দিয়াৰ এক শক্তিশালী কাৰণ হ’ব পাৰে ৷ ইউ এছ কংগ্ৰেছৰ ডেমক্ৰেট দলৰ পাঁচোজন সদস্য ৰাজা কৃষ্ণমূৰ্ত্তী, প্ৰমিলা জয়াপাল, ৰ’ খান্না আৰু ‘হাউচ অৱ ৰিপ্ৰেজেন্টেটিৱ’ৰ এমি বেৰা আৰু চিনেটত কমলা হেৰিছৰ ভিতৰত কেৱল কৃষ্ণমূৰ্ত্তীয়েহে হিউষ্টনৰ অনুষ্ঠানত উপস্থিত আছিল ৷ অন্য কেইজনে কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰা আৰু কাশ্মীৰত ধাৰবাহিকভাৱে যোগাযোগ ব্যাহত কৰি ৰখাৰ বাবে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে আৰু জয়াপালে যোৱা ডিচেম্বৰ মাহত এক প্ৰস্তাৱ গ্ৰহণৰ যোগেদি “জন্মু কাশ্মীৰৰ পৰা যোগাযোগৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা আৰু গণ বন্দীত্বৰ সমাপ্তি ঘটোৱা” আৰু “সকলো নাগৰিকৰ ধৰ্মীয় স্বাধীনতাৰ ৰক্ষা কৰা”ৰ বাবে আহ্বান জনায় ৷

সমালোচনাত বিতুষ্ট হৈ ২০১৯ চনৰ ডিচেম্বৰ মাহত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে প্ৰভাৱশালী ‘হাউচ ফৰেইং এফেয়াৰ্ছ কমিটি’ৰ এখন পূৰ্ৱ নিৰ্দ্ধাৰিত বৈঠক ইউ এছ কংগ্ৰেছৰ মহিলা সদস্য জয়পালৰ উপস্থিতিৰ বাবে বাতিল কৰে ৷ ৱাশ্বিংটন প’ষ্টৰ এক প্ৰতিবেদন অনুযায়ী সমিতিখনৰ সভাপতি এলিয়ট এঞ্জেলে অনুষ্ঠিত হ’ব লগা বৈঠকখনৰ পেনেলৰ পৰা জয়াপালৰ নাম প্ৰত্যাহাৰ কৰিবলৈ জয়শংকৰে জনোৱা দাবী মানিবলৈ অস্বীকাৰ কৰে ৷ কমলা হেৰিছে তেওঁৰ সহকৰ্মী গৰাকীৰ সমৰ্থনত থিয় হয় আৰু এক টুইট কৰে, “কেপিটল হিলত অনুষ্ঠিত হ’ব লগা বৈঠকৰ বাবে কোনকেইজন সদস্যক অনুমতি দিয়া উচিত সেই বিষয়ে কংগ্ৰেছক যিকোনো এখন বিদেশী চৰকাৰে জনোৱাটো ভুল ৷”

পাকিস্তানৰ প্ৰসিদ্ধ দৈনিক কাকত ডনৰ মতে, বিগত বৰ্ষত টেক্সাছত হেৰিছে এক বিবৃতিযোগে কৈছিল, “আমি কাশ্মিৰীসকলক মনত পেলাই দিব লাগিব যে তেওঁলোক বিশ্বত অকলশৰীয়া নহয় ৷ আমি পৰিস্থিতিৰ আলেখ লেখ ৰাখি আছোঁ ৷ যদি পৰিস্থিতিয়ে দাবী জনাই হস্তক্ষেপ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব ৷”

যিহেতু ‘ইণ্ডো-আমেৰিকা’ সম্পৰ্ক এক ব্যাপক কৌশলগত সম্বন্ধৰ ভিত্তিত প্ৰতিস্থিত আৰু ই আমেৰিকা যুক্তৰাষ্ট্ৰ কংগ্ৰেছত দুয়োটা দলৰে সমৰ্থনৰে পুষ্ট, তেনেস্থলত যদি জ’ বাইডেনে হোৱাইট হাউছ দখল কৰিবলৈ সক্ষম হয়, ধৰ্ম নিৰপেক্ষ প্ৰগতিশীল গণতন্ত্রবোৰৰ সম্পৰ্কে কমলা হেৰিছৰ দৃষ্টিভংগীয়ে মোদী চৰকাৰৰ লগত থকা সম্পৰ্কত কেনেধৰণৰ প্ৰভাৱ পেলাব, সেই কথা লক্ষ্য কৰাটো গুৰুত্বপূৰ্ণ হ’ব ৷

সম্পূৰ্ণ এটা দশকৰো অধিক সময়ৰ পাচত, ২০১৬ চনত কমলা হেৰিছ প্ৰথম গৰাকী কৃষ্ণাংগ মহিলা হিচাপে ছিনেটলৈ নিৰ্বাচিত হৈছিল ৷ তেঁৱে প্ৰথম গৰাকী উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যি ঐতিহাসিকভাৱে কৃষ্ণাংগ অধ্যুষিত ডি. ছি.ৰ হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ৷ বৰ্তমান ৫৫ বছৰ বৰ্ষীয় হেৰিছ পূৰ্ৱতে ছান ফ্ৰাঞ্চিস্ক’ৰ প্ৰথম গৰাকী কৃষ্ণাংগ ডিষ্ট্ৰিক এটৰ্ণী হিচাপে কৰ্মৰত হোৱাৰ উপৰিও কেলিফৰ্ণিয়াৰ পূৰ্ৱৰ এটৰ্ণী জেনেৰেল আছিল ৷ লগতে তেওঁ ছিনেটৰ ‘ইণ্টেলিজেঞ্চ কমিটি’ আৰু ‘জুডিচিয়েৰী কমিটিকে’ ধৰি কেইবাখনো উচ্চ পদস্থ সমিতিত কৰ্মৰত আছিল ৷ প্ৰাক্তন শীৰ্ষ প্ৰচিকিউটৰগৰকীয়ে জৰ্জ ফ্লয়ডৰ হত্যাৰ ফলশ্ৰুতিত বিশ্বজুৰি আলোড়ণ সৃষ্টি কৰা #ICantBreathe প্ৰতিবাদৰ সময়ত বৰ্ণবাদী ন্যায় ব্যৱস্থাৰ হৈ সজোৰে উকালতি কৰিছিল ৷ তেওঁ পদ্ধতিগত বৰ্ণবাদ দূৰ কৰাৰ বাবে আৰক্ষী ব্যৱস্থাৰ তদাৰক কৰা আৰু গণ উৎপীৰণক এক ফেডাৰেল অপৰাধ হিচাপে ঘোষণা কৰা প্ৰস্তাৱবোৰৰ সমৰ্থন জনাইছিল ৷ যি সময়ত ট্ৰাম্পে ৰিচাৰ্ড নিক্সনক অনসৰণ কৰি আইন শৃংখলাৰ কাৰ্ডখন খেলিছে, তেনেস্থলত এগৰাকী প্ৰচিকিউটৰ হিচাপে হাৰিছৰ ভূমিকা গুৰুত্বই পাব ৷ ট্ৰাম্প প্ৰশাসনৰ বিষয়া আৰু মনোনীত সদস্য ব্ৰেট এম. কাৱানফক তেওঁৰ উচ্চতম ন্যায়ালয়ৰ অনুমোদনৰ শুনানিৰ সময়ত আৰু এর্টণী জেনেৰেল জেফ ছেশ্বনছক দূৰদৰ্শনৰ লাইভ ষ্ট্ৰীমিঙৰ সময়ত হাৰিছে পুংখানুপুংখভাৱে সোধপোচ কৰাৰ কাৰণে যথেষ্ট ধ্যান আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ কেলিফৰ্ণিয়াৰ ‘জুনিয়ৰ ছিনেটৰ’ হিচাপে কাৱানফৰ মনোনয়নৰ বিৰুধীতা কৰি হাৰিছে কয়, “প্ৰতিকাত্মক অৰ্থত তুলাচনী লৈ থকা মহিলা এগৰাকীৰ প্ৰতিমূৰ্ত্তীয়ে প্ৰতিনিধিত্ব কৰা আমাৰ এক ন্যায়িক ব্যৱস্থা আছে ৷ লগতে তেওঁ চকুত কাপোৰৰ এটুকুৰাও বান্ধি লৈছে ৷ আইনৰ চকুত এটুকুৰা কাপোৰ বান্ধা থাকে ৷ কিয়নো আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়িক ব্যৱস্থাৰ অধীনত কোৱা হৈছে যে ন্যায় এজন ব্যক্তিৰ স্থিতিৰ প্ৰতি অন্ধ হোৱা উচিত ৷ আমাৰ ন্যায়িক ব্যৱস্থাৰ অধীনত আমাক কোৱা হৈছে যে কোনো ব্যক্তিৰ যিমানেই ধন নাথাকক কিয়, তেওঁ দেখাত যেনেকুৱাই নহওক কিয়, তেওঁ যাকেই ভাল নাপাৱক কিয়, তেওঁৰ অভিভাৱক যিয়েই নহওক কিয়, তেওঁ যি ভাষাই নকওক কিয় ন্যায় তেওঁৰ প্ৰতি অন্ধ হোৱা উচিত ৷ আৰু প্ৰতিজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে এই ধাৰণাক বুজিব লাগে আৰু সন্মান কৰিব লাগে ৷ লগতে ছাৰ, সেই অভিযোগবোৰ আপোনাৰ সন্মুখলৈ আহিলে, ন্যায়াধীশ কাৱানফ, মই চিন্তিত যে আপুনি প্ৰতিজন আমেৰিকাবাসীক সমান চকুৰে চোৱাৰ পৰিৱৰ্তে ৰাজনৈতিক দলৰ প্ৰতিহে আনুগত্যতা প্ৰদৰ্শন কৰিব আৰু আপোনাৰ সেই ৰক্ষণশীল মনোভাৱ, যিয়ে আপোনাৰ কৰ্মজীৱন গঢ় দিছে তাৰ প্ৰতিহে নিষ্ঠা দেখোৱাব ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰিৱৰ্তে আপোনাক নিযুক্তি দিয়া ৰাষ্ট্ৰপতিৰ প্ৰতিহে আপুনি আনুগত্যতা প্ৰকাশ কৰিব বুলি মই উদ্বিগ্ন ৷”

নৱেম্বৰত হ’ব লগা নিৰ্বাচনৰ তৰ্কযুজত কমলা হেৰিছৰে মুখামুখী হ’বলৈ কঁকালত টঙালি বন্ধাৰ সময়তে ড’নাল্ড ট্ৰাম্পৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ প্ৰাৰ্থী মাইক পেঞ্চৰ বাবে ৰাষ্ট্ৰপতি গৰাকীক লিংগ বৈষম্য, বৰ্ণবাদ, আইন আৰু আৰক্ষী প্ৰশাসনৰ সমস্যাসমূহৰ বিষয়ত ৰক্ষা কৰিবলৈ কঠিন হৈ পৰিছে ৷ ২০১৯ চনত মাৰ্টিন লুথাৰ কিঙৰ জন্মদিৱসৰ দিনা হাৰিছে ঘোষণা কৰা ৰাষ্ট্ৰপতিৰ আসনত অধিস্থিত হোৱাৰ সপোনটোৱে বৰ্তমান কিছু সময় অপেক্ষা কৰিব লাগিব ৷ শ্বায়াৰলি চিশ্ব’ল্‌ম নিউয়ৰ্কৰ প্ৰথম মহিলা কংগ্ৰেছ সদস্য আছিল, যিয়ে ১৯৭২ চনত ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্বৰ বাবে মনোনয়ন দাখিল কৰিছিল ৷ তেওঁ কৈছিল, “মই, ইতিহাসে মোক ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰতমগৰাকী কৃষ্ণাংগ মহিলা হিচাপে মনত ৰখাটো নিবিচাৰোঁ ৷ বৰঞ্চ বিংশ শতিকাৰ এগৰাকী কৃষ্ণাংগ মহিলা হিচাপেহে মনত ৰখাটো বিচাৰোঁ, যি নিজ ইচ্ছানুযায়ী পৰিচালিত হৈছিল ৷ মোক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱৰ্তনৰ মূল হুতা হিচাপে স্মৰণ কৰাটো বিচাৰোঁ ৷” এই পৰিৱৰ্তনেই আজি আমেৰিকাৰ ইতিহাসত আন এক মাইল খুটি স্থাপনৰ পথ প্ৰশস্ত কৰি দিছে ৷

ABOUT THE AUTHOR

...view details