অসম

assam

ETV Bharat / international

গোলকীয় প্ৰত্যাহ্বানক লৈ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে কমলা হেৰিছৰ আলোচনা - অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন

চীন আৰু ইণ্ডো-পেচিফিক সহযোগিতা সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছে সংযুক্ত ৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ ৷ মঙলবাৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচনৰ সৈতে গোলকীয় আৰু আঞ্চলিক প্ৰত্যাহ্বানৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বিষয়ে আলোচনাত মিলিত হয় হেৰিছ ৷

Kamala Harris talks to Australian PM
Kamala Harris talks to Australian PM

By

Published : Mar 3, 2021, 1:55 PM IST

ইণ্টাৰনেচনেল ডেস্ক, 3 মাৰ্চ:জলবায়ু পৰিৱৰ্তনৰ লগতে চীন আৰু ম্যানমাৰে জাপি দিয়া প্ৰত্যাহ্বান তথা অন্যান্য গোলকীয় আৰু আঞ্চলিক প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিত সন্দৰ্ভত মঙলবাৰে সংযুক্ত ৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচনৰ সৈতে আলোচনাত মিলিত হয় ৷

হোৱাইট হাউছৰ পৰা প্ৰকাশিত এক বিবৃতি অনুসৰি দুয়োগৰাকী নেতাই সংযুক্ত ৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজৰ মিত্ৰজোঁট অধিক শক্তিশালী কৰে ৷ বিবৃতিত প্ৰকাশ কৰা মতে, উপ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী গৰাকীয়ে গোলকীয় আৰু আঞ্চলিক প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত সহযোগিতাৰ সুযোগ সমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে জলবায়ু পৰিৱৰ্তন, চীন আৰু বাৰ্মাই সৃষ্টি কৰা প্ৰত্যাহ্বানৰ ইত্যাদি বিষয়ত আলোচনা কৰে ৷

দুয়োগৰাকী নেতাই ইণ্ডো-পেচিফিক অঞ্চলতো পাৰস্পৰিক সহযোগিতাৰে আগবঢ়াৰ বিষয়ে আলোচনা কৰে ৷ বিবৃতিটোত কোৱা হৈছে যে, গোলকীয়ভাৱে গণতান্ত্ৰিক মূল্যবোধক আগুৱাই নিয়াৰ লগতে অতিমাৰীৰ ফলত বিপৰ্যস্ত অৰ্থ ব্যৱস্থাক পুনৰুদ্ধাৰ কৰাৰ বাবে দুয়োখন ৰাষ্ট্ৰই পাৰস্পৰিক সহযোগিতাৰে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে ৷ চলিত মাহৰ আৰম্ভণিতে কমলা হেৰিছে কানাডাৰ প্ৰধানমন্ত্ৰীৰ আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতেও কথা পাতিছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত হোৱাৰ সপোন মালালাৰ

ABOUT THE AUTHOR

...view details