ইন্টাৰনেশ্যনেল ডেস্ক, 24 অক্টোবৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দুয়োটা দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে ৷ দুয়োটা দলৰ সমৰ্থিত প্ৰাৰ্থীক বিজয়ী কৰোৱাৰ উদ্দেশ্যে এটা দলে আনটো দলক প্ৰতি আক্ৰমণ কৰা পৰিলক্ষিত হৈছে ৷
24 অক্টোবৰত পুনৰ ডেম'ক্ৰেটিক পাৰ্টিৰ উপ-ৰাষ্ট্ৰপতি পদৰ সমৰ্থিত প্ৰাৰ্থী কমলা হেৰিছে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক 'বৰ্ণবাদী' বুলি উল্লেখ কৰে ৷