নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ:ইংলেণ্ডে প্ৰস্তুত কৰি উলিওৱা ক'ভিড-19 ৰ প্ৰতিষেধক শীঘ্ৰেই উপলব্ধ হ'ব বুলি ঘোষণা ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনৰ ৷ সোমবাৰে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে এই ঘোষণা কৰে ৷ নৰ্থ ৱেলছৰ ৰেক্সহামত ক'ভিড-19 ৰ প্ৰতিষেধক তৈয়াৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত থকা এটা পৰীক্ষাগাৰত উপস্থিত হৈ জনচনে উক্ত মন্তব্য কৰে ৷
শীঘ্ৰেই উপলব্ধ হ'ব ইংলেণ্ডত তৈয়াৰী ক'ভিড-19 প্ৰতিষেধক - ইংলেণ্ডত তৈয়াৰী হোৱা ক'ভিড-19 ৰ প্ৰতিষেধক
মাত্ৰ কেইটামান সপ্তাহৰ ভিতৰতে উপলব্ধ হ'ব ইংলেণ্ডত তৈয়াৰী হোৱা ক'ভিড-19 ৰ প্ৰতিষেধক ৷ এই কথা ঘোষণা কৰিছে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনে ৷ ক'ভিড-19 ৰ প্ৰতিষেধক তৈয়াৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত থকা এটা পৰীক্ষাগাৰত উপস্থিত হৈ এই মন্তব্য জনচনৰ ৷
শীঘ্ৰেই উপলব্ধ হ'ব ইংলেণ্ডত তৈয়াৰী ক'ভিড-19 প্ৰতিষেধক
অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু আস্ত্ৰজেনেচা নামৰ এখন ড্ৰাগ ফাৰ্ম প্ৰতিষেধক নিৰ্মাণৰ কামত জড়িত হৈ আছে ৷ জনচনে কয় যে গণ পৰীক্ষণৰ সৈতে এই প্ৰতিষেধক মুকলি কৰি দিয়া হ'ব ৷ তেওঁ লগতে কয় যে এই পদক্ষেপৰ জৰিয়তে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে অৰ্থনৈতিক অৱস্থাকো সচ্ছল কৰি তোলাৰ উদ্দেশ্য গ্ৰহণ কৰা হৈছে ৷
লগতে পঢ়ক:গুৰু নানকৰ 551 সংখ্যক জন্ম জয়ন্তীত বাইডেন,হেৰিছৰ শুভেচ্ছা বাণী