নিউজ ডেস্ক, 8 নৱেম্বৰ:"জ' আমি কৰি দেখুৱালো ৷ আপুনি যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ'বলৈ গৈ আছে ৷" জ' বিডেন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাক লৈ এইবুলি কৈ যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে আনন্দ প্ৰকাশ কৰে ৷
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পৰাজিত কৰি ডেমক্ৰেট প্ৰাৰ্থী জ' বিডেন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হোৱাৰ লগে লগে বিডেনক ফোনযোগে অভিনন্দন জনাই হেৰিছে কয় , "আমি কৰি দেখুৱালো ৷ জ' আমি এইটো কৰি দেখুৱালো ৷ আপুনি যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী গৰাকী ৰাষ্ট্ৰপতি হ’বলৈ গৈ আছে ৷" এই সাফল্যক এক মিলিত প্ৰচেষ্টা বুলি হেৰিছে আখ্যা দিয়ে ৷
সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথম গৰাকী মহিলা উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ ইতিহাস সৃষ্টি ভাৰতীয় মূলৰ কমলা হেৰিছৰ ৷ এক টুইট যোগে নিজৰ অনুভৱ ব্যক্ত কৰি কমলা হেৰিছে কয় , "এই নিৰ্বাচন মোৰ বা বিডেনৰ বাবে বহুত কিবা কিবি ৷ এইয়া আমেৰিকাৰ আত্মা আৰু ইয়াৰ বাবে কাম কৰাৰ বাবে আমাৰ ইচ্ছাৰ সৈতে জড়িত এক বিষয় ৷ আমাৰ সন্মুখত বহুত কাম পৰি আছে ৷ আহক আমি আৰম্ভ কৰো ৷"
যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হৈ হেৰিছে যুক্তৰাষ্ট্ৰ প্ৰথম গৰাকী মহিলা উপ ৰাষ্ট্ৰপতি হোৱাৰ লগতে প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা উপ-ৰাষ্ট্ৰপতি হোৱাৰ গৌৰৱ অৰ্জন কৰিছে ৷ জামাইকান পিতৃ আৰু ভাৰতীয় মাতৃৰ ঔৰষত কমলা হেৰিছ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় পদ অলংকৃত কৰা প্ৰথম গৰাকী ভাৰতীয় মূলৰ লোক হ'ব ৷
লগতে পঢ়ক:বিজেপি চৰকাৰ বিশ্বাসঘাতকঃ লুৰিনজ্যোতি গগৈ