অসম

assam

কৰ‘ণাৰ প্ৰতিষেধকৰ প্ৰথমটো ড‘জ গ্ৰহণ কৰিলে জ‘ বাইডেনে

By

Published : Dec 22, 2020, 4:52 PM IST

বাইডেনক বৰ্তমান কৰ‘ণাৰ প্ৰতিষেধকৰ প্ৰথমটো ড‘জ দিয়া হৈছে ৷ কিছুদিনৰ পাছত তেখেতক দ্বিতীয়টো ড‘জো প্ৰদান কৰা হ‘ব যাতে তেখেত কৰ‘ণাৰ ভয়াৱহতাৰ পৰা সম্পূৰ্ণ ৰূপে সুৰক্ষিত হয় ৷ দ্বিতীয়টো ড‘জ প্ৰদানৰ তাৰিখ ৰাষ্ট্ৰপতিৰ ইলেক্ট’ মেডিকেল দলে নিৰ্ধাৰণ কৰিব ৷

Joe Biden receives Covid-19 vaccine jab publicly
কৰ‘ণাৰ প্ৰতিষেধকৰ প্ৰথমটো ড‘জ গ্ৰহণ কৰিলে জ‘ বাইডেনে

নিউজ ডেস্ক, 22 ডিচেম্বৰ : আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ‘ বাইডেনে সোমবাৰে কৰ‘ণা ভাইৰাছৰ প্ৰতিষেধক গ্ৰহণ কৰে ৷ বাইডেনক প্ৰতিষেধক প্ৰদান কৰাৰ মুহুৰ্তৰ পোনপটীয়া সম্প্ৰচাৰো কৰা হয় ৷ বাইডেনক বৰ্তমান কৰ‘ণাৰ প্ৰতিষেধকৰ প্ৰথমটো ড‘জ দিয়া হৈছে ৷ কিছুদিনৰ পাছত তেখেতক দ্বিতীয়টো ড‘জো প্ৰদান কৰা হ‘ব যাতে তেখেত কৰ‘ণাৰ ভয়াৱহতাৰ পৰা সম্পূৰ্ণ ৰূপে সুৰক্ষিত হয় ৷ দ্বিতীয়টো ড‘জ প্ৰদানৰ তাৰিখ ৰাষ্ট্ৰপতিৰ ইলেক্ট’ মেডিকেল দলে নিৰ্ধাৰণ কৰিব ৷ প্ৰতিষেধক গ্ৰহণৰ বাবে উপস্থিত হোৱা বাইডেনে চিকিৎসকৰ দলক কয় যে, " মই সম্পূৰ্ণ ভাৱে প্ৰস্তুত ৷ " ভেকছিনৰ প্ৰথমটো ড‘জ লোৱাৰ পাছত তেখেতে বৈজ্ঞানিক আৰু তাত উপস্থিত দলক ধন্যবাদ জনাই কয় যে, " এয়া আমাৰ বাবে বহুত ডাঙৰ আশা " ৷

ইয়াৰ কিছু সময়ৰ পাছত বাইডেনে সকলোকে উদ্দেশ্যি কয় যে, " মই সকলোকে আশ্বাস দিব বিচাৰিছো যে, কৰ‘ণা ভাইৰাছৰ প্ৰতি ভয় কৰাৰ কোনো প্ৰয়োজন নাই ৷ মোৰ পত্নী জিলে প্ৰথমেই এই প্ৰতিষেধক গ্ৰহণ কৰিছে ৷ আপুনি নিজৰ বৈজ্ঞানিক আৰু বিশেষজ্ঞ সকলৰ প্ৰতি আস্থা ৰাখিব লাগিব " ৷

লগতে পঢ়ক : ছিংগাপুৰে লাভ কৰিলে ফাইজাৰ প্ৰতিষেধকৰ প্ৰথমলানি চিটা

ABOUT THE AUTHOR

...view details