নিউজ ডেস্ক, 7 জুন: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল তিনি গৰাকী ভাৰতীয় মহিলা ৷ নিজৰ সাধনাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় আলোচনী ফ'ৰ্বছত আমেৰিকাৰ 80 গৰাকী সম্পত্তিশালী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত মহিলা কেইগৰাকীৰ নাম....
আমেৰিকাৰ 80 গৰাকী ধনী মহিলাৰ ভিতৰত অন্তৰ্ভুক্ত তিনি ভাৰতীয় মহিলা - অসম নিউজ
নিজৰ স্বকীয় প্ৰতিভাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় আলোচনী ফ'ৰ্বছত আমেৰিকাৰ 80 গৰাকী সম্পত্তিশালী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত মহিলা কেইগৰাকীৰ নাম
আমেৰিকাৰ 80 গৰাকী ধনী মহিলাৰ ভিতৰত অন্তৰ্ভুক্ত তিনি ভাৰতীয় মহিলা
কম্পিউটাৰ নেটৱৰ্কিং ফাৰ্ম অৰিস্তা নেটৱৰ্কৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যকাৰী অধিকাৰী জয়শ্ৰী উল্লালে (58) আমেৰিকাৰ 80 গৰাকী ধনী মহিলাৰ ভিতৰত 18 স্থান দখল ৷ আনহাতে, আইটি কনচাল্টিং আৰু আউটচোৰচিং ফাৰ্ম ছাইনটেলৰ নীৰজা চেঠীয়ে 23 স্থান আৰু চিটিঅ'ৰ সহযোগী প্ৰতিষ্ঠাপক আৰু ষ্ট্ৰীমিং ডেটা টে'কনলজি কোম্পানীৰ লগত জড়িত নেহা নাৰখেদে আত্মনিৰ্ভৰশীল ধনী মহিলী হিচাপে ফ'ৰ্বছ আলোচনীত 60 স্থানেৰে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷