অসম

assam

ETV Bharat / international

বাগদাদৰ ৰকেট আক্ৰমণত শিশু নিহত

বাগদাদৰ গ্ৰীণ জ'নত ৰকেট আক্ৰমণ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিভিন্ন দেশৰ দূতাবাস সমূহ অৱস্থিত হৈ থকা উচ্চ সুৰক্ষিত অঞ্চলটোত হোৱা আক্ৰমণক ফলত এটি শিশুৰ মৃত্যু হোৱাৰ লগতে পাঁচ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে ৷ গ্ৰীণ জ'নৰ ভিতৰত থকা ইৰাকৰ দুগৰাকী সুৰক্ষা সেনা এই আক্ৰমণত আঘাতপ্ৰাপ্ত হয় ৷

By

Published : Nov 18, 2020, 7:53 PM IST

বাগদাদৰ ৰকেট আক্ৰমণত শিশু নিহত
বাগদাদৰ ৰকেট আক্ৰমণত শিশু নিহত

বাগদাদ, 18 নৱেম্বৰ: ইৰাকৰ ৰাজধানীত ৰকেট আক্ৰমণ ৷ ইৰাকৰ সামৰিক বাহিনীয়ে জানিবলৈ দিয়ে মতে চাৰিটা ৰকেটে কঠোৰ নিৰাপত্তাৱেষ্টিত গ্ৰীণ জ'নত আক্ৰমণ কৰাৰ ফলত এটি শিশুৰ মৃত্যু হোৱাৰ লগতে পাঁচগৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হৈছে ৷ ইৰাকৰ সেনা বাহিনীৰ মতে এই আক্ৰমণে ইৰান সমৰ্থক মিলিছিয়াই ঘোষণা কৰা অনানুষ্ঠানিক যুদ্ধবিৰতি শেষ হোৱাৰ সংকেত দিছে ৷

ইৰাকৰ দুগৰাকী সুৰক্ষা বিষয়াই জনাইছে যে গ্ৰীণ জ'নত আঘাত কৰা এটা ৰকেটে আমেৰিকান দূতাবাসৰ পৰা মাত্ৰ 600 মিটাৰ নিলগত অৱস্থিত ইৰাকৰ ৰাষ্ট্ৰীয় সুৰক্ষা সেৱাৰ কাষত আঘাত কৰে ৷ তেওঁলোকে কয় যে কেইটামান ৰকেট চলিত বৰ্ষত আমেৰিকাৰ দ্বাৰা স্থাপিত চি-আৰএএম এয়াৰ ডিফেন্স চিষ্টেমৰ দ্বাৰা প্ৰতিৰোধ কৰা হৈছিল ৷

ইৰাকৰ সেনাই কৈছে যে গ্ৰীণ জ'নৰ বাহিৰত অৱতৰণ কৰা তিনিটা ৰকেটৰ এটা বাগদাদ মেডিকেল চিটি হাস্পতালৰ কাষত বিস্ফোৰিত হয় ৷ অন্য এটা ৰকেট এখন ৰাজহুৱা উদ্যানত বিস্ফোৰিত হোৱাৰ বিপৰীতে তৃতীয়টো ৰকেট শূণ্যত বিস্ফোৰিত হয় ৷

এই আক্ৰমণত এটি শিশু আঘাতপ্ৰাপ্ত হৈছে আৰু পাঁচ গৰাকী সাধাৰণ নাগৰিক আঘাতপ্ৰাপ্ত হৈছে ৷ আক্ৰমণটোৰ ফলত গ্ৰীণ জ'নৰ ভিতৰত ইৰাকৰ দুগৰাকী সুৰক্ষা সেনা আঘাতপ্ৰাপ্ত হোৱাৰ কথা জানিব পৰা গৈছে ৷

লগতে পঢ়ক:জম্মু কাশ্মীৰত সেনাৰ ওপৰত গ্ৰেনেড নিক্ষেপ

ABOUT THE AUTHOR

...view details