নিউজ ডেস্ক, 18 মে': ইৰাণৰ পৰা ইন্ধন কঢ়িয়াই নিয়া ট্ৰেংকাৰক বাধা নিদিবলৈ আমেৰিকাক কঠোৰ সকীয়নি প্ৰদান কৰিছে ইৰাণে ।
আমেৰিকাক সকীয়নি ইৰাণৰ - আমেৰিকাক কঠোৰ সকীয়নি প্ৰদান কৰিছে ইৰাণে
ভেনিজুৱালাত তেল প্ৰদান কাৰ্যক বাধা নিদিবলৈ আমেৰিকাক সকীয়াই দিলে ইৰাণৰ বৈদেশীক মন্ত্ৰীয়ে । বাধা প্ৰদান কৰিলে আন্তঃৰাষ্ট্ৰীয় শান্তি ভংগ হোৱাৰ উপক্ৰম হোৱাৰ লগতে ইয়াৰ বাবে আমেৰিকা জগৰীয়া হ'ব বুলি প্ৰকাশ কৰে বৈদেশীক মন্ত্ৰী মহম্মদ জাভেদ জাৰিফে ।

ইৰাণৰ বৈদেশীক মন্ত্ৰী মহম্মদ জাভেদ জাৰিফে ৰাষ্ট্ৰসংঘৰ সাধাৰণ মহাসচিব এণ্টনিঅ' গুটৰেছলৈ দেওবাৰে লিখা এখন পত্ৰত এই কথা প্ৰকাশ কৰে । ট্ৰেংকাৰক বাধা দিবলৈ আমেৰিকাই কৰা চেষ্টাক তেওঁ অনৈতিক, ভয়াবহ আৰু উচতনিমূলক বুলি আখ্যা দিয়ে । এইটো আন্তঃৰাষ্ট্ৰীয় শান্তিৰ বাবে ভয়াবহ বুলি তেওঁ কয় আৰু কোনো অনৈতিক ঘটনাৰ বাবে আমেৰিকাই জগৰীয়া হ'ব বুলি পত্ৰত উল্লেখ কৰে ।
আনহাতে আমেৰিকাক প্ৰতিনিধিত্ব কৰা চুইচ ৰাষ্ট্ৰদূতক ইৰাণৰ উপ বৈদেশিক আৰু ৰাজনৈতিক পৰিক্ৰমাৰ মন্ত্ৰী আৰবাছ আৰাকিছিয়ে চমন জাৰি কৰে আৰু ভেনিজুৱেলালৈ যোৱা ট্ৰেংকাৰ বাধা নিদিবলৈ সকীয়নি প্ৰদান কৰে ।