নিউজ ডেস্ক, 26 ছেপ্তেম্বৰ :বৈশ্বিক পাৰমাণৱিক নিৰস্ত্ৰীকৰণ অৰ্জন কৰাটো ৰাষ্ট্ৰসংঘৰ আটাইতকৈ পুৰণি লক্ষ্য আছিল ৷ 1946 চনত এইটো ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথমটো প্ৰস্তাৱিত বিষয় আছিল, যি বৃহৎ পৰিমাণত ধ্বংসৰ ক্ষমতা ৰখা পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰসমূহৰ লগতে অন্য গুৰুত্বপূৰ্ণ অস্ত্ৰসমূহৰ উপৰিও পাৰমাণৱিক শক্তি আৰু এট’মিক অস্ত্ৰসমূহ নিস্ক্ৰীয়কৰণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ নিৰ্দিষ্ট প্ৰস্তাৱ উত্থাপনৰ বাবে Atomic Energy Commission প্ৰতিষ্ঠা কৰিছিল ৷
তেতিয়াৰ পৰা ই পাৰমাণৱিক নিৰস্ত্ৰীকৰণ ক্ষেত্ৰত বহুতো গুৰুত্বপূৰ্ণ কূটনৈতিক প্ৰচেষ্টাৰ শীৰ্ষত আছে। 1959 চনত, সাধাৰণ সভাই সাধাৰণ আৰু সম্পূৰ্ণ নিৰস্ত্ৰীকৰণৰ উদ্দেশ্যক সমৰ্থন কৰে । 1978 চনত, নিৰস্ত্ৰীকৰণৰ প্ৰতি সমৰ্পিত সাধাৰণ সভাৰ প্ৰথম বিশেষ অধিৱেশনে স্বীকাৰ কৰিছিল যে, নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত পাৰমাণৱিক নিৰস্ত্ৰীকৰণ প্ৰাথমিক উদ্দেশ্য হ'ব লাগে । ৰাষ্ট্ৰসংঘৰ প্ৰতিগৰাকী মহাসচিবে এই লক্ষ্যক সক্ৰিয়ভাৱে প্ৰচাৰ কৰিছে ।
ইয়াৰ পিছতো বৰ্তমানো সমগ্ৰ বিশ্বতে প্ৰায় 13,080 পাৰমাণৱিক অস্ত্ৰ আছে ৷ এই অস্ত্ৰসমূহ ৰখা দেশসমূহৰ হাততো অস্ত্ৰসমূহ আধুনীকিকৰণৰ বাবে সু-প্ৰতিষ্ঠিত, দীৰ্ঘম্যাদী পৰিকল্পনা আছে ৷
যদিও শীতল যুদ্ধৰ পিছত নিয়োজিত পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে , সেই সময়ৰ পৰা চুক্তি অনুসৰি এটাও পাৰমাণৱিক অস্ত্ৰ শাৰিৰীকভাৱে ধ্বংস কৰা হোৱা নাই ৷ ইয়াৰ উপৰিও, বৰ্তমান কোনো পাৰমাণৱিক নিৰস্ত্ৰীকৰণ আলোচনা চলি থকা নাই ।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 26 ছেপ্তেম্বৰটো ‘আন্তৰ্জাতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱস’ হিচাপে পালন কৰি আহিছে৷ এই দিৱসটোৱে বিশ্ব সম্প্ৰদায়ক বিশ্বব্যাপী পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিক অগ্ৰাধিকাৰ হিচাপে পুনৰ নিশ্চিত কৰাৰ এক সুযোগ প্ৰদান কৰে ৷
সাধাৰণ সভাৰ প্ৰস্তাৱ 68/32 আৰু পৰৱৰ্তী প্ৰস্তাৱ অনুসৰি, আন্তৰ্জাতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱসৰ উদ্দেশ্য হৈছে পাৰমাণৱিক অস্ত্ৰৰ দ্বাৰা মানৱতাৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি আৰু সেইবোৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসজাগতা আৰু শিক্ষা বৃদ্ধিৰ জৰিয়তে পাৰমাণৱিক অস্ত্ৰৰ সম্পূৰ্ণ বিলুপ্তিৰ উদ্দেশ্যক আগবঢ়োৱা । এই কাৰ্যকলাপবোৰে পাৰমাণৱিক অস্ত্ৰ-মুক্ত বিশ্বৰ উমৈহতীয়া লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত নতুন আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা সংগ্ৰহ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে ।
আন্তৰ্জাতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱসৰ ইতিহাস :
2013 চনৰ 26 ছেপ্তেম্বৰত নিউয়ৰ্কত অনুষ্ঠিত পাৰমাণৱিক নিৰস্ত্ৰীকৰণ সম্পৰ্কীয় সাধাৰণ সভাৰ উচ্চ-পৰ্যায়ৰ বৈঠকৰ follow up হিচাপে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 2013 চনৰ ডিচেম্বৰত ইয়াৰ 68/32 প্ৰস্তাৱত আন্তৰ্জাতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱসৰ ঘোষণা কৰে ৷
২০১৪ চনৰ পৰা প্ৰতি বছৰে পাৰমাণৱিক অস্ত্ৰৰ সম্পূৰ্ণ নিৰ্মূলৰ বাবে আন্তৰ্জাতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱস পালন কৰা হয় । সাধাৰণ সভাৰ প্ৰস্তাৱ অনুসৰি এই দিৱসটোত সদস্য ৰাষ্ট্ৰসমূহ, ৰাষ্ট্ৰসংঘৰ ব্যৱস্থা আৰু নাগৰিক সমাজক পাৰমাণৱিক অস্ত্ৰৰ দ্বাৰা মানৱতাৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি আৰু তেওঁলোকৰ সম্পূৰ্ণ বিলুপ্তিৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা আৰু শিক্ষা বৃদ্ধিৰ জৰিয়তে আন্তৰ্জাতিক দিৱসক স্মৰণ আৰু প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰা হয় ।
গুৰুত্বপূৰ্ণ পৰিঘটনাসমূহ-
1945
দুটাকৈ পাৰমাণৱিক বোমাই হিৰোশ্বিমা আৰু নাগাচাকি চহৰক ধ্বংস কৰাৰ লগতে এই আক্ৰমণত 2,13,000 লোক থিতাতে নিহত হয় ৷
1946
ৰাষ্ট্ৰসংঘৰ সধাৰণ সভাই ইয়াৰ প্ৰথম প্ৰস্তাৱত পাৰমাণৱিক নিৰস্ত্ৰীকৰণক ৰাষ্ট্ৰসংঘৰ এক আগশাৰীৰ লক্ষ্য হিচাপে চিনাক্ত কৰে ৷
1963
বায়ুমণ্ডলত, বাহিৰৰ মহাকাশ আৰু পানীৰ তলত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধ কৰা চুক্তি, যাক আংশিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি বুলিও কোৱা হয়, স্বাক্ষৰৰ বাবে মুকলি কৰা হয় । ছোভিয়েট ইউনিয়ন, যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বহু বছৰ ধৰি চলি থকা আলোচনাক ১৯৬২ চনত কিউবান মিছাইল সংকট (Cuban Missile Crisis)ৰ দ্বাৰা একতাৎক্ষণিকতা প্ৰদান কৰা হয় ৷
1967
পাৰমাণৱিক অস্ত্ৰৰ দৌৰ আৰু ১৯৬২ চনৰ কিউবান মিছাইল সংকটে লেটিন আমেৰিকাৰ চৰকাৰসমূহক লেটিন আমেৰিকা আৰু কেৰিবিয়ান (ট্ৰেটলোলকোৰ চুক্তি)ত পাৰমাণৱিক অস্ত্ৰ প্ৰতিৰোধ চুক্তিৰ আলোচনা কৰিবলৈ প্ৰেৰিত কৰে ৷ ইয়াৰ দ্বাৰা এক উচ্চ জনবসতিপূৰ্ণ এলেকাত প্ৰথম পাৰমাণৱিক অস্ত্ৰমুক্ত অঞ্চল স্থাপন কৰা হয় ।
1978
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিৰস্ত্ৰীকৰণৰ প্ৰতি সমৰ্পিত ইয়াৰ প্ৰথম বিশেষ অধিৱেশন অনুষ্ঠিত কৰে । চূড়ান্ত দস্তাবেজত, সদস্য ৰাষ্ট্ৰসমূহে নিশ্চিত কৰিছিল যে তেওঁলোকৰ উমৈহতীয়া উদ্দেশ্য হৈছে "কাৰ্যকৰী আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ অধীনত সাধাৰণ আৰু সম্পূৰ্ণ নিৰস্ত্ৰীকৰণ" আৰু "পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ কাৰ্যকৰী পদক্ষেপ আৰু পাৰমাণৱিক যুদ্ধ প্ৰতিৰোধৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ"
1985
দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চল দ্বিতীয় পাৰমাণৱিক অস্ত্ৰমুক্ত অঞ্চল (ৰাৰোটংগা চুক্তি) হিচাপে পৰিগণিত হয় ৷
1991