নেশ্বনেল ডেস্ক, 14 নৱেম্বৰঃবিশ্বৰ অতিকে শক্তিশালী সামৰিক বল আমেৰিকান সৈন্যবাহিনীৰ নৌ-সেনা আৰু বিশেষ বাহিনী মেৰিন ক'ৰৰ সৈতে ভাৰতীয় সৈন্যবাহিনীয়ে আৰম্ভ কৰিছে প্ৰথমটো বিশেষ উভচৰ অনুশীলন ৷ এই অনুশীলনত ভাৰতীয় সৈন্যবাহিনীৰ স্থলসেনা, বায়ুসেনা আৰু নৌসেনাই আমেৰিকান সেনাৰ নৌ-সেনা আৰু বিশেষ বাহিনী মেৰিন ক'ৰৰ সৈতে যুটীয়া অনুশীলন সম্পন্ন কৰিব ৷ 14 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই অনুশীলন অন্ধ্ৰপ্ৰদেশৰ বিশাখা আৰু কাকিন্দাত চলিত মাহৰ 21 তাৰিখলৈ চলিব ৷
প্ৰথমবাৰৰ বাবে এইদৰে দুয়োখন দেশে অংশগ্ৰহণ কৰিবলগীয়া বহুমাত্ৰিক সৈন্য অভিযানত প্ৰাকৃতিক দুৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাৰ সময়ত সৈন্যবাহিনীয়ে কিদৰে কাম কৰিব লাগে সেই বিষয়ত অভ্যাস অনুষ্ঠিত হ'ব ৷ অনুশীলনত ভাৰতীয় স্থলসেনাৰ লগতে বায়ুসেনা আৰু নৌসেনাৰ সকলো শক্তিয়ে ব্যৱহাৰ কৰা হ'ব ৷ বিশেষকৈ নৌসেনাৰ আইএনএছ (INS Jalaswa) জালাছৱা, বায়ুসেনাৰ C130 বিমান, আপাচি হেলিকপ্টাৰ আৰু স্থলসেনাৰ টাটা ল'কিৰ লগতে আমেৰিকান সেনাবাহিনীৰ F-16 যুদ্ধবিমানৰ লগতে যুদ্ধজাহাজ German Townক ব্যৱহাৰ কৰা হ'ব ৷