অসম

assam

ETV Bharat / international

হোৱাই হাউচৰ নিকটৱৰ্তী সদস্যৰ তালিকাত অন্তৰ্ভূক্ত হ’ল কেইবাগৰাকীয়ো ভাৰতীয়ৰ নাম - হোৱাই হাউচ

2020 চনৰ মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পিছৰ পৰা বৰ্তমানলৈকে বাইডেন-কমলাৰ A দলৰ বিভিন্ন শক্তিশালী পদবীত প্ৰায় 24 গৰাকী ভাৰতীৰ নাম অন্তৰ্ভূক্ত হৈছে ৷

Indian names bloom in White House power circle
হোৱাই হাউচৰ নিকটৱৰ্তী সদস্যৰ তালিকাত অন্তৰ্ভূক্ত হ’ল কেইবাগৰাকীয়ো ভাৰতীয়ৰ নাম

By

Published : Jan 19, 2021, 10:05 PM IST

নিউজ ডেস্ক,19 জানুৱাৰী: কমলা দেৱী হেৰিছ, বিবেক মুৰ্থী,গৌতম ৰাঘৱন, মালা আদিগা, বিনয় ৰেড্ডী, ভৰত ৰামামুৰ্থী, নীৰা টেণ্ডন, কেলিন গৌন্দৰ, অতুল গাৱাণ্ডে আদি কেইটামান নাম যি শেহতীয়াভাৱে হোৱাইট হাউচৰ নিকটৱৰ্তী সদস্যৰ তালিকাত অন্তৰ্ভূক্ত হৈছে ৷ 2020 চনৰ মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পিছৰ পৰা বৰ্তমানলৈকে বাইডেন-কমলাৰ A দলৰ বিভিন্ন শক্তিশালী পদবীত প্ৰায় 24 গৰাকী ভাৰতীৰ নাম অন্তৰ্ভূক্ত হৈছে ৷

হোৱাই হাউচৰ নিকটৱৰ্তী সদস্যৰ তালিকাত অন্তৰ্ভূক্ত ভাৰতীয়

"KAH'-mah-lah? Kah-MAH'-lah? Kamala-mala-mala? মই নাজানো" ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সহযোগী চিনেটৰ ডেভিড পাৰ্ডিউৱে এক জনসভাত ট্ৰাম্পৰ অনুৰাগীসকলৰ আগত এনেদৰে ইতিকিং কৰিছিল কমলা হেৰিছক ৷ কিন্তু সেই সময়ত পেৰ্ডিউ বা ট্ৰাম্পে জনা নাছিল যে, 2021ত হোৱাইট হাউছৰ বিভিন্ন পদবীত ভাৰতীয় নাম অন্তৰ্ভূক্ত হোৱাৰ উপৰিও জৰ্জিয়াত ৰেকৰ্ড সংখ্যক ফাণ্ড সংগ্ৰহ কৰাৰ ক্ষেত্ৰতো নেতৃত্ব প্ৰদান কৰিব ৷

হোৱাই হাউচৰ নিকটৱৰ্তী সদস্যৰ তালিকাত অন্তৰ্ভূক্ত ভাৰতীয়

6 জানুৱাৰীত ট্ৰাম্পৰ সমৰ্থসকলে আমেৰিকাৰ কেপিটলত আক্ৰমণ চলোৱাৰ সমান্তৰালকৈ হেৰিছৰ ডেম’ক্ৰেটিক দলে জৰ্জিয়াৰ চিটেটৰ দুয়োা আসনতে জয়লাভ কৰে ৷ আৰু ইয়াৰ পৰা আমেৰিকাৰ ক্ষমতাৰ সমতা সলনি হয় ৷

হেৰিছ আৰু নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে যেতিয়া আমেৰিকাক পৰিচলনা কৰাৰ শপত গ্ৰহণ কৰে তেতিয়া তেওঁলোকে ঔষধ, অৰ্থনীতি, ডিজিটেল, যোগাযোগ তথা গল্প বিবৰণ সহ বিষবস্তুৰ দক্ষতাৰ এক বিস্তৃত অংশই ভাৰতীয়-আমেৰিকান সকলৰ সফলতাৰ কাহিনী হোৱাইট হাউচলৈ অহাৰ পথ প্ৰশস্ত কৰে ৷

হোৱাই হাউচৰ নিকটৱৰ্তী সদস্যৰ তালিকাত অন্তৰ্ভূক্ত ভাৰতীয়

গৌতম ৰাঘৱন, বিবেক মুৰ্থী, মালা আদিগা, বিনয় ৰেড্ডী, ভৰত ৰামমুৰ্থী, নীৰা টেণ্ডন, কেলিন গৌন্দৰ এই নামসমূহৰ বিষয়ে বেছিভাগ আমেৰিকানেই অৱগত নহয় ৷ ইয়াৰ উপৰিও এই নামসমূহৰ প্ৰকৃত উচ্চাৰণৰ ক্ষেত্ৰতো আমেৰিকান সকলক বিস্তৃত ধৰণে বাখ্যা কৰিবলগীয়া হয় প্ৰতিগৰাকী ভাৰতীয়ই ৷

আনকি কমলা হেৰিছেও বহুবাৰ নিজৰ নামটো আমেৰিকান সকলৰ আগত বাখ্যা কৰিবলগীয়া হৈছিল ৷

হোৱাই হাউচৰ নিকটৱৰ্তী সদস্যৰ তালিকাত অন্তৰ্ভূক্ত ভাৰতীয়

"প্ৰথমতে মোৰ নামৰ উচ্চাৰণ ‘কমলা’ ৷ ইয়াৰ অৰ্থ হ’ল পদুম ফুল ৷ ভাৰতীয় সংস্কৃতিত ইয়াৰ অৰ্থ হ’ল মহত্ব ৷ পদুম ফুল পানীত ফুলে ৷ ইয়াৰ ফুলটো যদিও পানীৰ ওপৰত জিলিকি খাকে কিন্তু ইয়াৰ শিপা সদায় দ’ পানীলৈ শিপাই থাকে ৷" কমলা হেৰিছে নিজৰ আত্মজীৱনী "The Truths We Hold"ত এনেদৰে লিখে ৷

উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰৰ সময়তো নিজৰ নামৰ বাবে বিভিন্ন ধৰণৰ ইতিকিঙৰ সন্মুখীন হ’বলগীয়া হৈছিল কমলা হেৰিছ ৷

হোৱাই হাউচৰ নিকটৱৰ্তী সদস্যৰ তালিকাত অন্তৰ্ভূক্ত ভাৰতীয়

2020ৰ আগষ্টত Democratic National Conventionত কমলা হেৰিছে আমেৰিকাৰ সন্মুখত নিজকে এই বুলি পৰিচয় দিছিল,"আৰু এগৰাকী মহিলা আছে যাৰ নাম প্ৰসিদ্ধ নহয়, যাৰ কাহিনী অৱগত কৰা হোৱা নাই ৷ আৰু এগৰাকী মহিলা যাৰ কান্ধত মই থিয় হৈছিলো ৷ আৰু তেওঁ মোৰ মাতৃ শ্যামলা গোপালন হেৰিছ ৷"

যদিও আমেৰিকাত সাংস্কৃতিক পৰিৱৰ্তনৰ বিধি হিচাপে নাম পৰিৱৰ্তন কৰাটো কোনো নতুন কথা নহয় ৷ আমেৰিকান উচ্চৰণ নাম ৰখাটো শৰণাৰ্থী সম্প্ৰদায়ৰ মাজত এটি পৰম্পৰা হিচাপে পৰিগণিত হৈছে ৷

সি যি কি নহ’ওক, হোৱাইট হাউচৰ নিযুক্তিৰ তালিকাত থকা ভাৰতীয়ৰ নামৰ অন্তৰ্ভূক্তিয়ে এটি নতুন দিশৰ সূচনা কৰিছে বুলি ধাৰণা কৰিছে বুদ্ধিজিৱী সকলে ৷

লগতে পঢ়ক-শ্যামলা গোপালন আৰু কমলা হেৰিছৰ সাহসী যাত্ৰা...

ABOUT THE AUTHOR

...view details