অসম

assam

By

Published : Oct 26, 2019, 6:41 PM IST

ETV Bharat / international

ভাৰত,চীনক ভিছামুক্ত ঘোষণা ব্ৰাজিলৰ

এতিয়াৰে পৰা ভাৰতীয় আৰু চীনা নাগৰিকে ভিছা অবিহনে ব্ৰাজিললৈ ভ্ৰমণ কৰিব ৷ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ' বলচনাৰোৱে এই কথা প্ৰকাশ কৰিছে ৷

ভাৰত, চীনক ভিছামুক্ত ঘোষণা ব্ৰাজিলৰ

নিউজ ডেস্ক, 26 অক্টোবৰঃভাৰতীয় পৰ্যটকৰ বাবে সুখবৰ দিছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ' বলচনাৰোৱে ৷ পৰ্যটন আৰু ব্যৱসায়ৰ বাবে এতিয়াৰে পৰা ভিছা অবিহনেই দেশখনত প্ৰৱেশ কৰিব পাৰিব ভাৰতীয়সকলে ৷

লগতে পঢ়কঃ কাৰ্টাৰপুৰ কৰিড'ৰত চুক্তিত স্বাক্ষৰ ভাৰত-পাকিস্তানৰ

ভাৰতৰ উপৰিও চীনৰ বাবেও একেই ব্যৱস্থাৰ কথা ঘোষণা কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ইয়াৰ পূৰ্বে আমেৰিকা,অষ্ট্ৰেলিয়া, জাপান আৰু কানাডাৰ বাবে দেশখনে প্ৰদান কৰিছিল এই সুবিধা ৷ কম সময়ৰ বাবে এতিয়াৰে পৰা ভাৰত আৰু চীনৰ নাগৰিকে দেশখন ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৷

লগতে পঢ়কঃ শিহৰণকাৰীঃ ট্ৰাকৰ ভিতৰত উদ্ধাৰ 39 মৃতদেহ

ব্ৰাজিলৰ স্থানীয় বাতৰিকাকত Folha de S.Pauloত প্ৰকাশ পাইছে এই বাতৰি ৷ 1.39 বিলিয়ন জনসংখ্যাৰ চীন আৰু 1.3 বিলিয়ন জনসংখ্যাৰ ভাৰত দুয়োখন দেশেই ব্ৰীকছৰ অন্তৰ্গত হোৱাৰ লগতে এই সংগঠনত আছে ব্ৰাজিলো ৷ সেইফালৰ পৰা এতিয়াৰে পৰা ব্ৰীকছৰ পটভূমিত দেশকেইখনৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ব্ৰাজিলে ৷

লগতে পঢ়কঃ আৰক্ষী চকীৰ ভিতৰতে ছাত্ৰ নেতাই প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াক

শেহতীয়াকৈ চীন ভ্ৰমণত আছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ' বলচনাৰোৱে ৷ এই ভ্ৰমণৰ সময়তে চীনৰ ৰাষ্ট্ৰপতি ঝী জীনপিং আৰু প্ৰধানমন্ত্ৰী লী কেকুৱাংক সাক্ষাৎ কৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ শুকুৰবাৰে অনুষ্ঠিত হৈ যোৱা তিনিওগৰাকী নেতাৰ আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details