অসম

assam

ETV Bharat / international

CAA ৰ সমৰ্থনত ৰাজপথত প্ৰৱাসী ভাৰতীয় - আমেৰিকাত কা কমৰ্থন বাতৰি

আটলান্টাটো 100 জনীয়া এটি দলে হাতে হাতে প্লে-কাৰ্ড আৰু জাতীয় পতাকা লৈ আইনখনৰ সমৰ্থনত ওলাই আহে ৷ তেঁওলোকে কয় যে, এনআৰআই সকলে নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰে আৰু এই আইন ভাৰতপন্থী ৷ শনিবাৰে লণ্ডনতো আইনখনৰ সমৰ্থনত ওলোৱা সমদল প্ৰত্যক্ষ কৰা হয় ৷

indian americans hold rallies in atlanta seattle in support of caa
CAA ৰ সমৰ্থনত ৰাজপথত প্ৰৱাসী ভাৰতীয়

By

Published : Jan 5, 2020, 3:05 PM IST

ইন্টাৰনেশ্যনেল ডেক্স,5 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে শনিবাৰে ৰাজপথলৈ ওলাই আহে আটলান্টা আৰু চিয়াটেলৰ প্ৰৱাসী ভৰতীয়সকল ৷ চিয়েটেলত আইনখনৰ সপক্ষে এই সমদল বাহিৰ কৰে 40 গৰাকীকৈ ভাৰতীয় আমেৰিকান নাগৰিকে ৷ সমৰ্থনকাৰীসকলে "কা বৈষম্যমূলক নহয়, বৰং ই নিৰ্যাতিত সংখ্যালঘুসকলক সমৰ্থন কৰে" বুলি হাতে হাতে প্লে-কাৰ্ড আৰু পোষ্টাৰ লৈ আহে ৷

CAA ৰ সমৰ্থনত ৰাজপথত প্ৰৱাসী ভাৰতীয়

আটলান্টাটো 100 জনীয়া এটি দলে হাতে হাতে প্লে-কাৰ্ড আৰু জাতীয় পতাকা লৈ আইনখনৰ সমৰ্থনত ওলাই আহে ৷ তেঁওলোকে কয় যে, এনআৰআই সকলে নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰে আৰু এই আইন ভাৰতপন্থী ৷ শনিবাৰে লণ্ডনতো আইনখনৰ সমৰ্থনত সমদল উলিওৱা প্ৰত্যক্ষ কৰা হয় ৷

CAA ৰ সমৰ্থনত ৰাজপথত প্ৰৱাসী ভাৰতীয়

পাৰ্লিয়ামেন্ট স্ক’ৱেৰৰ বাহিৰত একত্ৰিত হৈ আইনখনৰ সমৰ্থনত ওলাই অহা প্ৰৱাসী ভাৰতীয় লোকসকলে কয় যে, ভাৰতীয় চৰকাৰখনে পাকিস্তান,বাংলাদেশ আৰু আফগানিস্থানৰ সংখ্যালঘু লোকলসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মানৱীয়তাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৷

লগতে পঢ়ক-ক’ত বিক্ৰী হয় এন্দুৰৰ মাংস ?

ABOUT THE AUTHOR

...view details