অসম

assam

ETV Bharat / international

ভাৰতীয়-আমেৰিকান বেদান্ত পেটেলক বাইডেনৰ সহকাৰী প্ৰেচ উপদেষ্টা নিৰ্বাচন - ভাৰতীয়-আমেৰিকান বেদান্ত পেটেলক সহকাৰী প্ৰেচ উপদেষ্টা নিৰ্বাচন

সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বাইডেনে শুকুৰবাৰে ভাৰতীয়-আমেৰিকান বেদান্ত পেটেলক সহকাৰী প্ৰেচ উপদেষ্টা হিচাপে নিৰ্বাচন কৰে ৷ পেটেল বৰ্তমান বাইডেনৰ উদ্বোধনী সমিতিৰ মুখপাত্ৰ হিচাপে কৰ্মৰত আৰু পূৰ্বতে তেওঁ বাইডেনৰ নিৰ্বাচনী প্ৰচাৰত আঞ্চলিক কমিউনিকেশ্বন ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

Biden names Indian-American Vedant Patel as Assistant WH Press Secretary
ভাৰতীয়-আমেৰিকান বেদান্ত পেটেলক বাইডেনৰ সহকাৰী প্ৰেচ উপদেষ্টা নিৰ্বাচন

By

Published : Dec 19, 2020, 2:25 PM IST

নেচনেল ডেস্ক, 19 ডিচেম্বৰ:হোৱাইট হাউচ কমিউনিকেশ্বনৰ অতিৰিক্ত সদস্য আৰু প্ৰেছ ষ্টাফৰ নাম ঘোষণা কৰি সংযুক্ত ৰাষ্ট্ৰৰ সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনে ভাৰতীয়-আমেৰিকান বেদান্ত পেটেলক নিজৰ সহকাৰী প্ৰেছ উপদেষ্টা হিচাপে নিৰ্বাচন কৰে ৷ পেটেলে বৰ্তমান বাইডেনৰ উদ্বোধনী সমিতিৰ মুখপাত্ৰ হিচাপে কাম কৰি আছে ৷ ইতিপূৰ্বে তেওঁ বাইডেনৰ নিৰ্বাচনী প্ৰচাৰত আঞ্চলিক কমিউনিকেশ্বন ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে ৷

বাইডেনৰ প্ৰাৰম্ভিক নিৰ্বাচনী প্ৰচাৰত পেটেলে নেভাদা তথা ৱেষ্টাৰ্ণ প্ৰাইমেৰী ষ্টেটছ কমিউনিকেশ্বনচ ডাইৰেক্টৰ হিচাপে সেৱা আগবঢ়াইছিল ৷ জন্মসূত্ৰে ভাৰতৰ পেটেল হৈছে হোৱাইট হাউচৰ যোগাযোগ আৰু প্ৰেছৰ বাবে শুকুৰবাৰে বাইডেনে ঘোষণা কৰা 16 নং নিযুক্তি ৷

বাইডেনে কয় যে, চৰকাৰৰ ওপৰত ৰাইজৰ পূৰ্বৰ বিশ্বাস ঘূৰাই অনা আৰু আমেৰিকান লোকসকলৰ সৈতে প্ৰত্যক্ষভাৱে কথা পতা তেওঁৰ প্ৰশাসনৰ মুখ্য বিশেষত্ব হ'ব ৷ তেওঁ কয় যে, এই ক্ষেত্ৰত তেওঁলোকৰ কমিউনেশ্বন আৰু প্ৰেছ ষ্টাফে এক গুৰুত্বপূৰ্ম ভূমিকা পালন কৰি ৰাষ্ট্ৰখনক সকলো আমেৰিকানৰ বাবে আৰু অধিক ভালকৈ গঢ়ি তুলিব ৷

নতুনকৈ নিযুক্ত হোৱা হোৱাইট হাউচ কমিউনিকেশ্বনৰ সদস্যসকলক লৈ বাইডেনে কয় যে, হোৱাইট হাউচৰ হৈ আমেৰিকান লোকসকলক সেৱা আগবঢ়োৱাৰ বাবে এইসকল লোকক নিজৰ সহযোগী হিচাপে তেওঁ যথেষ্ট সুখী ৷

হোৱাইট হাউচলৈ নতুনকৈ আহি বাইডেনৰ প্ৰশাসনত সংযুক্ত হ'বলগীয়া সকলো সদস্যৰ মুৰব্বী ৰণ ক্লাইনে কয় যে, ক'ৰণা অতিমাৰী আৰু বিধস্ত অৰ্থনীতিয়ে জুৰুলা কৰা ৰাষ্ট্ৰখনত হোৱাইট হাউচত নতুনকৈ সংযুক্ত হোৱা সকলো সদস্যই এক বিচিত্ৰ তথা অভিজ্ঞ দলৰ হৈ আমেৰিকান লোকসকলৰ বিশ্বাসক পুনৰ স্থাপন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷

লগতে পঢ়ক:ট্ৰাম্পে পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো দেশৰ বাবে বিপদ হ'ব পাৰে: অৰ্থনীতিবিদ

ABOUT THE AUTHOR

...view details