নিউজ ডেস্ক, 21 নৱেম্বৰঃ নৱনিৰ্বাচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে পোন প্ৰথম বাৰৰ বাবে তেওঁ পত্নী জিল বাইডেনৰ নীতি পৰিচালক হিচাপে মালা এডিগাক নিয়োগ কৰিছে ৷ উল্লেখ্য যে, মালা এডিগা এগৰাকী ভাৰতীয় মূলৰ মহিলা ৷ তেওঁ পূৰ্বে বিডেন-কমলা হেৰিছৰ হোৱাইট হাউছ দখলৰ অভিযানৰ নীতি পৰিচালক হিচাপে দায়িত্ব পালন কৰিছিল ৷
জিল বাইডেনৰ নীতি সঞ্চালক হিচাপে নিয়োগ ভাৰতীয় মূলৰ মালা এডিগাক - পত্নী জিল বিডেন
আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে পোন প্ৰথম বাৰৰ বাবে তেওঁ পত্নী জিল বাইডেনৰ নীতি পৰিচালক হিচাপে মালা এডিগাক নিয়োগ কৰিছে ৷ পূৰ্বে বাইডেন-কমলা হেৰিছৰ হোৱাইট হাউছ দখলৰ অভিযানৰ নীতি পৰিচালক হিচাপে দায়িত্ব পালন কৰিছিল মালা এডিগাই ৷

জিল বিডেনৰ নীতি পৰিচালক হিচাপে মালা এডিগাক নিয়োগ
ইফালে প্ৰাক্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ কাৰ্যকালৰ সময়ছোৱাত শিক্ষা আৰু সাংস্কৃতিক বিভাগৰ ৰাজ্যিক উপ সহকাৰী সচিব হিচাপে মালা এডিগাক নিয়োগ কৰা হৈছিল ৷ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু মানৱ অধিকাৰৰ নিৰ্দেশক হিচাপেও দায়িত্ব পালন কৰিছিল মালা এডিগাই ৷
লগতে পঢ়কঃহিমাচলৰ এখন জনসভাত বিজেপি সভাপতি জে পি নাড্ডাৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ...