অসম

assam

ETV Bharat / international

ভাৰতে বিশ্বক যুদ্ধৰ পৰিৱৰ্তে গৌতম বুদ্ধক উপহাৰ দিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী - ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদ

পাচঁ বছৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগবঢ়াই দ্বিতীয়টো ভাষণ ৷ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰই আমাক বৃহৎ সংখ্যাগৰিষ্ঠতা পুনৰ ক্ষমতালৈ আনিছে বুলি মন্তব্য প্ৰধানমন্ত্ৰী গৰাকীৰ ৷ বিশ্বই এইবছৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 সংখ্যক জন্ম জয়ন্তী পালন কৰিব ৷ তেওঁ কয় যে যেতিয়া এখন উন্নয়ণশীল ৰাষ্ট্ৰই বিশ্বৰ সৰ্ববৃহৎ চাফাই অভিযান গ্ৰহণ কৰি এই অভিযানৰ অন্তৰ্গত 5 বছৰৰ ভিতৰত 11 কোটি শৌচাগাৰ নিৰ্মাণ কৰে ই বিশ্বৰ বাবে এক প্ৰেৰণা হৈ পৰে ৷

ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ 74 সংখ্যক সভাত ভাষণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

By

Published : Sep 28, 2019, 6:51 PM IST

ইন্টানেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ 74 সংখ্যক সভাত ভাষণ আগবঢ়াই ৷ উল্লেখ্য যে পাচঁ বছৰত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদত আগবঢ়োৱা এইটো হৈছে প্ৰধানমন্ত্ৰী গৰাকীৰ দ্বিতীয়টো ভাষণ ৷ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰই আমাক বৃহৎ সংখ্যগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আনিছে বুলি মন্তব্য প্ৰধানমন্ত্ৰী গৰাকীৰ ৷ বিশ্বই এইবছৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 সংখ্যক জন্ম জয়ন্তী পালন কৰিব ৷ তেওঁ কয় যে, যেতিয়া এখন উন্নয়ণশীল ৰাষ্ট্ৰই বিশ্বৰ সৰ্ববৃহৎ চাফাই অভিযান গ্ৰহণ কৰি এই অভিযানৰ অন্তৰ্গত 5 বছৰৰ ভিতৰত 11 কোটি শৌচাগাৰ নিৰ্মাণ কৰে ই বিশ্বৰ বাবে এক প্ৰেৰণা হৈ পৰে ৷

ভাৰতে বিশ্বৰ সৰ্ববৃহৎ পাব্লিক হেল্থ আচঁনি চলাই আছে বুলি উল্লেখ কৰে তেওঁ ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰসংঘৰ দেৱালত ‘SINGLE USE PLASTIC’ৰ ব্যৱহাৰৰ বিৰোধিতা কৰাৰ কথা লিখি থোৱাৰ কথা উল্লেখ কৰি কয় যে ভাৰতে মহাত্মা গান্ধীৰ 150 সংখ্যক জন্ম জয়ন্তীৰ দিনা ‘SINGLE USE PLASTIC’ সম্পূৰ্ণ ৰূপে বন্ধ কৰিব ৷ ভাৰত এখন হাজাৰ বছৰ পুৰণি সংস্কৃতিৰ দেশ ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ 17 মিনিটৰ ভাষণত সন্ত্ৰাসবাদৰ কথা উল্লেখ কৰে যদিও পাকিস্তানৰ নাম উল্লেখ নকৰে ৷ তেওঁ কয় যে সন্ত্ৰাসবাদ অকল এখন দেশৰ সমস্যা নহয় সকলো দেশৰ সমস্যা ৷ মানৱতাৰ স্বাৰ্থত সমগ্ৰ বিশ্ব একেলগ হৈ যুজঁ দিব লাগিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ লগতে কয় যে ভাৰতীয়ৰ সংস্কাৰ আৰু ভাৰতৰ সংস্কৃতিয়ে জীৱত শিৱ দেখে ৷ ভাৰতীয়সকলে জন কল্যাণত বিশ্বাস কৰে আৰু এই জন কল্যাণ মাত্ৰ ভাৰতৰ বাবে নহয় সমগ্ৰ বিশ্বৰ বাবে ৷ ভাৰতে জনকল্যাণ বুলিলে জগত কল্যাণত বিশ্বাস কৰে ৷ সেইবাবে ভাৰতৰ প্ৰেৰণা ‘SABKA SAATH, SABKA BIKAS, SABKA BISWAS’ আৰু ই অকল ভাৰতত সীমাবদ্ধ নহয় ৷ ভাৰত এতিয়া সকলো উন্নয়ণশীল দেশৰ অনুপ্ৰেৰণা ৷ তেওঁ লগতে উল্লেখ কৰে যে ভাৰতে এখন এনে দেশ যিয়ে বিশ্বক যুদ্ধৰ পৰিৱৰ্তে গৌতম বুদ্ধৰ দৰে শান্তিৰ দূত উপহাৰ দিছে ৷

ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ 74 সংখ্যক সভাত ভাষণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে 2025 লৈ ভাৰত এখন যক্ষ্মা মুক্ত ৰাষ্ট্ৰ হ’ব ৷ পাকিস্তানৰ লগত আলোচনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে পাকিস্তানৰ লগত আলোচনা এক শান্তিপূৰ্ণ পৰিৱেশত হে সম্ভৱ হৈ উঠিব ৷ ‘হাউদি মোডী’ৰ পিছত ই ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে আন এক বৃহৎ সাফল্য ৷
ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ 74 সংখ্যক সভাত ভাষণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

লগতে পঢ়ক: ৰাষ্ট্ৰসংঘত ইমৰাণ খানঃ শেষত পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰিবলৈ বাধ্য হ'ব পাকিস্তান !

ABOUT THE AUTHOR

...view details