অসম

assam

By

Published : Apr 26, 2020, 6:48 PM IST

ETV Bharat / international

ঐক্যবদ্ধ যুঁজে ভাৰতক কৰ‘ণা বিৰোধী যুঁজত জয়ী কৰাব: ডাঃ উমা ৰাণী মধুসুধন

ই টিভি ভাৰতৰ সৈতে হোৱা সাক্ষাতকাৰত ভাৰতত কোভিড19 ক ৰোধ কৰিবলৈ যি ধৰণে পদক্ষেপ হাতত লোৱা হৈছে তাক প্ৰশংসা কৰাৰ লগতে কৰ‘ণাৰ বিৰুদ্ধে চলা এই যুঁজত ভাৰতে ঐক্যবদ্ধ ভাৱে যুঁজ দিয়া কাৰ্যই ভাৰতক এই মহামাৰীৰ পৰা বহু পৰিমাণে পৰিত্ৰাণ দিব বুলিও মন্তব্য প্ৰকাশ কৰে ডাঃ উমা ৰাণী মধুসুধনে ৷

india-can-fight-against-covid-19-with-teamwork-says-dr-uma-rani
ঐক্যবদ্ধ য্ঁজে ভাৰতক এই যুঁজত জয়ী কৰাব : ডা৹ উমা ৰাণী মধুসুধন

নিউজ ডেস্ক, 26 এপ্ৰিল : আমেৰিকাৰ কনেক্টিকাটৰ দক্ষিণ উইণ্ডচৰ চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মৰত ভাৰতীয় মূলৰ চিকিৎসক ডাক্টৰ উমা ৰাণী মধুসুধনে প্ৰত্যক্ষ ভাৱে যুঁজি আহিছে মাৰাত্মক কৰ‘ণা ভাইৰাছৰ সৈতে ৷ ডাঃ উমা ৰাণী জন্মসুত্ৰে ভাৰতৰ মায়ছৰৰ বাসিন্দা ৷ ডাঃ উমা ৰাণী মায়ছৰৰ জে এছ এছ মেডিকেলৰ ছাত্ৰী আছিল ৷ যিগৰাকীয়ে কৰ‘ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত একনিষ্ঠ চিকিৎসা সেৱা আগবঢ়াই অহাৰ বাবে আমেৰিকাত " আনচাঙ হিৰঅ‘জ" বঁটা লাভ কৰি সমগ্ৰ বিশ্বতে সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ৷ ই টিভি ভাৰতৰ সৈতে হোৱা সাক্ষাতকাৰত ভাৰতত কোভিড-19 ক ৰোধ কৰিবলৈ যি ধৰণে পদক্ষেপ হাতত লোৱা হৈছে তাক প্ৰশংসা কৰাৰ লগতে কৰ‘ণাৰ বিৰুদ্ধে চলা এই যুঁজত ভাৰতে ঐক্যবদ্ধভাৱে যুঁজ দিয়া কাৰ্যই ভাৰতক এই মহামাৰীৰ পৰা বহু পৰিমাণে পৰিত্ৰাণ দিব বুলিও মন্তব্য প্ৰকাশ কৰে ৷

ঐক্যবদ্ধ য্ঁজে ভাৰতক এই যুঁজত জয়ী কৰাব : ডা৹ উমা ৰাণী মধুসুধন

ই টিভি ভাৰতৰ পৰা আমেৰিকাত বৰ্তমান কৰ‘ণা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত কৰা প্ৰশ্নত তেখেতে কয় যে," আমেৰিকাত কৰ‘ণা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিয়ে নিশ্চিত ভাৱে আমাক প্ৰভাৱান্বিত কৰিব ৷ আমেৰিকাত পৰিস্থিতিত পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে ৷ আমি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ ভাৱে প্ৰস্তুত ৷ "

সাক্ষাৎকাৰত ভাৰতীয়মূলৰ চিকিৎসক সকলৰ পৰিয়ালে এই মহামাৰীৰ সৈতে য্ঁজত কেনেদৰে প্ৰভাৱিত হৈছে বুলি সোধা প্ৰশ্নত তেখেতে কয় যে," ইউৰোপ আৰু আমেৰিকাত কৰ্মৰত সকলো স্বাস্থ্য কৰ্মী এই এই ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ এই সকল স্বাস্থ্যকৰ্মীৰ পৰিয়াল সমূহৰ বাবেও এই পৰিস্থিতি যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে ৷ তেওঁলোকে এক শংকাৰ মাজত জীৱন অতিবাহিত কৰিছে ৷ "

আমেৰিকাৰ চিকিৎসালয় সমূহ এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণভাৱে প্ৰস্তুত বুলিও তেখেতে মন্তব্য প্ৰকাশ কৰে ৷

ভাৰতে এই সংকটকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হ‘ব নে বুলি কৰা প্ৰশ্নত চিকিৎসক গৰাকীয়ে কয় যে," মই সঁচাকৈ ভাৰতে এই সংকটপূৰ্ণ পৰিস্থিতিৰ সৈতে যুঁজিবলৈ গ্ৰহণ কৰা ভূমিকা সমূহক লৈ গৌৰৱান্বিত ৷ ভাৰতে ঘোষণা কৰা লক ডাউনৰ সিদ্ধান্ত,সামাজিক দুৰত্ব,মাস্ক পৰিধানৰ দৰে স্বাস্থ্য সচেতনতা সমূহক ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহক প্ৰশংসা কৰাৰ লগতে পৰিস্থিতি সাপেক্ষে ভাৰত চৰকাৰে তাৎক্ষণিক ভাৱে লোৱা এই সিদ্ধান্ত সমূহ সঠিক সিদ্ধান্ত আছিল" ৷ এই ক্ষেত্ৰত চৰকাৰক জনগণে সম্পূৰ্ণ সহযোগিতা আগবঢ়ালে হে এই যুঁজত ভাৰত জয়ী হ‘ব পাৰিব বুলিও বক্তব্য আগবঢ়ায় ভাৰতীয় মূলৰ চিকিৎসক গৰাকীয়ে ৷

তদুপৰি ই টিভি ভাৰতৰ ফালৰ পৰা চিকিৎসক গৰাকীক এই পৰিস্থিতিত তেখেতৰ পৰিয়ালৰ ফালৰ পৰা কেনেদৰে সহযোগিতা পাই আহিছে বুলি সোধা প্ৰশ্নত পৰিয়ালৰ লোকসকল তেখেতৰ বাবে ঘাই খুঁটা স্বৰূপ তথা প্ৰত্যেক মূহুৰ্তত যিকোনো পৰিস্থিতিত পৰিয়ালৰ লোক তেখেতৰ পক্ষত থিয় দি উৎসাহিত কৰি মানসিক শক্তি যোগাই আহিছে বুলিও মন্তব্য কৰে চিকিৎসক গৰাকীয়ে ৷

লগতে পঢ়ক: COVID-19ৰ পৰীক্ষা বঢ়াবলৈ নৰেন্দ্ৰ মোডীক ৰাহুল গান্ধীৰ আহ্বান

ABOUT THE AUTHOR

...view details