অসম

assam

ETV Bharat / international

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণ - ২০ জুলাই

আমেৰিকা ভ্ৰমণলৈ উৰা মাৰিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে । ২০ জুলাইত ৫ দিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আমেৰিকালৈ যাব খান ।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণ

By

Published : Jun 29, 2019, 3:45 PM IST

নিউজ ডেস্ক, ২৯ জুন : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে চলিত বছৰৰ ২০ জুলাইত আমেৰিকা ভ্ৰমণলৈ উৰা মাৰিব । এই ভ্ৰমণৰ জৰিয়তে ইমৰাণ খানে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে মুখামুখি আলোচনাত বহিব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, জুন মাহতে এই ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছিল যদিও ইমৰাণ খানৰ কৰ্মব্যস্ততাৰ বাবে ভ্ৰমণসূচী স্থগিত কৰা হয় । ৫ দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ যাবলগীয়া প্ৰধানমন্ত্ৰী গৰাকীয়ে বিভিন্ন বিষয়ত ট্ৰাম্পৰ সৈতে আলোচনাত বহিব বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে, ট্ৰাম্পৰ কাৰ্যকালৰ পৰা পাকিস্তান আৰু আমেৰিকাৰ সম্পৰ্কই বিশেষ অগ্ৰগতি লাভ কৰা নাছিল । পাকিস্তানৰ প্ৰসংগত ট্ৰাম্পে কৈছিল যে, পাকিস্তানে প্ৰতাৰণাৰ বাহিৰে আমেৰিকাক একো দিব পৰা নাই । ইয়াৰোপৰি, ভাৰত আৰু আফগানিস্তানৰ ভূ - খণ্ডত চলাই থকা সন্ত্ৰাসবাদক সমৰ্থন নজনাবলৈ পাকিস্তানক আহ্বান জনাই আহিছিল ট্ৰাম্পে ।

ABOUT THE AUTHOR

...view details