ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ :চলিত বছৰৰ ৬ জানুৱাৰীৰ আমেৰিকাৰ কেপিট'ল আক্ৰমণে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল । এতিয়াও এই ঘটনাৰ তদন্ত অব্যাহত আছে । তদন্তৰ মাজতে তদন্তকাৰী সমিতিয়ে ১১ গৰাকী বিষয়াৰ বিৰুদ্ধে চমন জাৰি কৰিছে ।
প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সমৰ্থনত উলিওৱা ৰেলীৰ পৰিকল্পনাত জড়িত আছিল বিষয়া কেইগৰাকী । অভিযোগ অনুসৰি, হোৱাইট হাউচৰ প্ৰাক্তন বিষয়াসকল ট্ৰাম্পৰ ঘনিষ্ঠ আছিল আৰু বিদ্ৰোহৰ পূৰ্বে ট্ৰাম্পৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল বিষয়া কেইগৰাকীয়ে । সমিতিখনৰ অধ্যক্ষ মিচিচিপিৰ প্ৰতিনিধি বেনি থম্পছনে এক বিজ্ঞপ্তিত কয় যে ৬ জানুৱাৰীৰ ঘটনাত কেনেদৰে বিষয়াসকল আৰু প্ৰতিষ্ঠানসমূহ জড়িত আছিল তাৰ অনুসন্ধান অব্যাহত আছে ।