ইন্টাৰনেশ্বনেল ডেস্ক, 14 জানুৱাৰীঃআমেৰিকান বহুজাতিক প্ৰযুক্তি প্ৰতিষ্ঠান মাইক্ৰ’ছফ্ট কৰ্প’ৰেচনৰ চি.ই.অ’ সত্য নডেলাই সোমবাৰে ভাৰতবৰ্ষৰ বহু বিতৰ্কিত সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত মতামত ব্যক্ত কৰে ৷ তেওঁ উল্লেখ কৰে যে এই আইনৰ জৰিয়তে যিসকল নাগৰিকে নতুনকৈ নাগৰিকত্ব লাভ কৰিব সেইসকলৰ পৰা দেশৰ এক সমৃদ্ধ ভৱিষ্যত গঢ় লৈ উঠিব বুলি আশা কৰিব পাৰি ৷ লগতে দেশৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশত লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰে ৷
নাডেলাই লগতে উল্লেখ কৰে যে প্ৰত্যেকখন দেশেই নিজৰ সীমাৰ পৰিসৰ বৃদ্ধি কৰা উচিত আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ উপৰি প্ৰব্ৰজনৰ নীতি নিৰ্ধাৰণ কৰাৰ দৰকাৰ ৷ ইয়াৰোপৰি তেওঁ কয় যে ‘মই ভাৰতীয় ঐতিহ্যৰ দ্বাৰা আবৃত তথা এখন বৈচিত্ৰ্য়ৰে পৰিপূৰ্ণ দেশত ডাঙৰ হৈছো ৷ কিন্তু বৰ্তমান মই আমেৰিকাৰ নিবাসী হিচাপে নিজকে অনুপ্ৰৱেশকাৰীৰূপে অনুভৱ হয়’ ৷