নিউজ ডেস্ক, 24 অক্টোবৰ : ডেম’ক্ৰেটিক ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত প্ৰাৰ্থী আমেৰিকাৰ জ’ বিডেনৰ ভাষ্য ৷ তেওঁ কয় যে, ‘‘মই সদায় নিজকে ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ সৈতে গভীৰভাৱে জড়িত বুলি অনুভৱ কৰো ৷ কাৰণ, মোৰ আইৰিছ পূৰ্বপুৰুষে আমেৰিকাত ভাল জীৱন অতিবাহিত কৰিবলৈ যি বলিদান দিছিল, সেই মূল্য অনুভৱ কৰো ৷"
লগতে তেওঁ কয় যে, ‘‘আমি সদায় ভাৰতীয় ৰীতি-নীতিৰ দৰে ডাঙৰৰ প্ৰতি থকা কৰ্তব্য, সন্মান, আত্ম-অনুশাসন, ব্যৱহাৰ আদিৰ ওপৰত গুৰুত্ব দিওঁ ৷ সেয়েহে মই নিজকে ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ বুলি ভাৱো ৷"
বিডেনে তেওঁৰ পৰিয়ালৰ লগতে ভাৰতীয় আমেৰিকানসকলে দিয়া বলিদান সম্পৰ্কে মন্তব্য আগবঢ়ায় ৷ তেওঁৰ সহযোগী কমলা হেৰিছ সন্দৰ্ভত বিডেনে কয় যে, ‘‘কমলা হেৰিছ স্মাৰ্ট আৰু নিৰ্বাচনৰ বাবে সাজু ৷ কমলাৰ মাতৃ শ্যামলা গোপালনৰ পৰা বহুখিনি অনুপ্ৰেৰণা লাভ কৰো ৷ যেতিয়া কমলাই তেওঁৰ মাতৃৰ কথা কয়, সঁচাকৈয়ে আমি গৰ্ব অনুভৱ কৰো ৷"