অসম

assam

ETV Bharat / international

গুগলৰ বিৰুদ্ধে বে-আইনীভাৱে ডাটা ট্ৰেক কৰাৰ অভিযোগ - Google Chrome's 'Incognito' mode

'ইনক'গনিটো' মোডত থকাৰ সময়ত গুগলে ট্ৰেক কৰাৰ লগতে ব্যৱহাৰকাৰীৰ ডাটা সংগ্ৰহ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে গুগলৰ বিৰুদ্ধে । গুগল কতৃপক্ষই ইতিমধ্যে এই অভিযোগ নস্যাৎ কৰিছে ।

গুগলৰ বিৰুদ্ধে বে-আইনীভাৱে ডাটা ট্ৰেক কৰাৰ অভিযোগ
গুগলৰ বিৰুদ্ধে বে-আইনীভাৱে ডাটা ট্ৰেক কৰাৰ অভিযোগ

By

Published : Mar 14, 2021, 12:26 PM IST

নেশ্যনেল ডেস্ক,১৪ মাৰ্চ:গুগলৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ ৰায়দান আমেৰিকাৰ এগৰাকী ন্যায়াধীশৰ । দাবী কৰা হৈছে যে এগৰাকী ব্যৱহাৰকাৰীয়ে ক্ৰোম ব্ৰাউজাৰত ব্যক্তিগত মোড অৰ্থাৎ 'ইনক'গনিটো' মোডত থকাৰ সময়ত গুগলে ট্ৰেক কৰাৰ লগতে ডাটা সংগ্ৰহ কৰে । যাৰ বাবে ৫ বিলিয়ন ড'লাৰ জৰিমণাৰ লগতে এক গোচৰৰ মুখামুখি হ'ব লাগিব গুগল । অৱশ্যে গুগলৰ মুখপাত্ৰই শনিবাৰে জনোৱা মতে কোম্পনীটোৱে তেওঁলোকৰ বিৰুদ্ধে কৰা এই অভিযোগৰ বিৰোধীতা কৰিছে । এই অভিযোগৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনাই গুগলৰ মুখপাত্ৰই ।

উল্লেখ যে গুগল ক্ৰ'মৰ 'ইনক'গনিটো' মোডে ব্যৱহাৰকাৰীসকলক ব্ৰাউজাৰ বা ডিভাইচত তেওঁলোকৰ কাৰ্যকলাপ সংৰক্ষণ নকৰাকৈ ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ সুবিধা দিয়ে । গুগলে দাবী কৰা মতে প্ৰতিবাৰ নতুন 'ইনক'গনিটো' টেব খোলাৰ সময়ত স্পষ্টভাৱে উল্লেখ কৰে যে ৱেবছাইটবোৰে ব্যৱহাৰকাৰীৰ ব্ৰাউজিং কাৰ্যকলাপৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব পাৰে ।

ইফালে ক্ৰ'ম ব্যৱহাৰকাৰীয়ে যোৱা বছৰৰ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰত এটা অভিযোগ দাখিল কৰিছিল যে গুগলে "ব্যাপক ডাটা ট্ৰেকিং ব্যৱসায়" কৰি আছে । ব্যৱহাৰকাৰী সকলে ব্যক্তিগত তথ্য সংৰক্ষণৰ বাবে 'ইনক'গনিটো' মোড বা ছাফাৰী আৰু অন্যান্য ব্ৰাউজাৰত ব্যক্তিগত ব্ৰাউজিং কৰে যদিও গুগলৰ বিৰুদ্ধে ডাটা ট্ৰেকিং অব্যাহত থকাৰ অভিযোগ কৰিছিল তেওঁলোকে । ইয়াৰ অংশস্বৰূপে ইতিমধ্যে গুগলে ক্ৰ'ম ব্ৰাউজাৰৰ পৰা তৃতীয় পক্ষৰ কুকিজ ফেজ আউট কৰাৰ কথা ঘোষণা কৰিছে ।

গুগলে চলিত মাহৰ আৰম্ভণিতে কৈছিল যে এবাৰ তৃতীয় পক্ষৰ কুকিজ প্লেটফৰ্মৰ পৰা বাহিৰ হ'লে,তেওঁলোকে ৱেবত ব্ৰাউজ কৰাবোৰ ট্ৰেক কৰিবলৈ বিকল্প চিনাক্ত নকৰিব । এপল চাফাৰী আৰু ম'জিলা ফায়াৰফক্সত তৃতীয় পক্ষৰ কুকিজ ইতিমধ্যে ব্লক কৰা হৈছে, গুগলে ক্ৰ'মতো একে কৰাৰ লক্ষ্য আগত ৰাখিছে কোম্পানীটোৱে । উল্লেখ যে আপুনি বিভিন্ন ৱেবছাইটত যোৱাৰ লগে লগে কুকিজে বিজ্ঞাপন দাতাসকলক আপোনাক ট্ৰেক কৰিবলৈ অনুমতি দিয়ে ।

লগতে পঢ়ক:গুগল মেপত নতুন অত্যাধুনিক প্ৰযুক্তিৰ সংযোজন

ABOUT THE AUTHOR

...view details