নিউজ ডেস্ক, 27 আগষ্ট: গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে তেখেতৰ কোম্পানীয়ে চীনা ভিডিঅ' মেকিং এপ টিক্ টকক ক্ৰয় কৰাৰ সন্দৰ্ভত প্ৰচাৰ চলি থকা বাতৰিটো অস্বীকাৰ কৰিছে ৷
টিক্ টক ক্ৰয় কৰা সন্দৰ্ভত সুন্দৰ পিচাইক কৰা প্ৰশ্নত তেখেতে এনেধৰণৰ কোনো পদক্ষেপ লোৱা নাই বুলি উত্তৰ দিয়ে ৷ তেখেতে আৰু কয় যে, বাইট ডান্স সন্নিবিষ্ট এই এপে গুগলৰ ক্লাউড সেৱা সমূহৰ ব্যৱহাৰ কৰাৰ বাবে বিনিয়োগ কৰে ৷