ইণ্টাৰনেশ্যনেল ডেস্ক, 27 অক্টোবৰ:Google য়ে 2025 চনলৈ তেওঁলোকৰ উৎপাদন সামগ্ৰী সমূহৰ পেকেজিং 100 শতাংশ প্লাষ্টিকমুক্ত আৰু সম্পূৰ্ণ পুনৰনৱীকৰণ কৰাৰ সংকল্প লৈছে ৷ শেহতীয়াকৈ মুকলি কৰা Pixel 5 ৰ বেক হাউচিং 100 শতাংশ পুনঃ নৱীকৰণযুক্ত এলুমিনিয়ামেৰে তৈয়াৰ কৰা হৈছে ৷ এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে Google য়ে ৷
- Google য়ে জনায়, 2016 বৰ্ষৰ পৰাই তেওঁলোকে নিজৰ সামগ্ৰী সমূহৰ পেকেজিঙত প্লাষ্টিকৰ পৰিমাণ কমায় দিয়ে ৷ কিন্তু এই নতুন লক্ষ্যক সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে আগলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি উল্লেখ কৰে ৷
- চাষ্টেইনেবিলিটী চিষ্টেমৰ আৰ্কিটেক্ট ডেভিদ বোৰ্নে কয়, "আমি সেই স্থানত উপনীত হ'বলৈ হ'লে বৈকল্পিক, পুনৰনৱীকৰণযোগ্য সামগ্ৰীসমূহক একত্ৰিত কৰিব লাগিব ৷ যিয়ে বৰ্তমনেও আমাৰ উৎপাদনসমূহক ৰক্ষা কৰিব ৷"
- বিগত বৰ্ষত Google য়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে, তেওঁলোকে তেওঁলোকৰ সকলো সামগ্ৰীত 2022 চনলৈ পুনৰনৱীকৰণযোগ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰিব ৷