অসম

assam

বিশেষ ডুডলৰ সৈতে Google ৰ 23 তম জন্মদিন উদযাপন

By

Published : Sep 27, 2021, 2:10 PM IST

চাৰ্চ ইঞ্জিন জায়াণ্ট গুগলে(Search engine giant Google) সম্পূৰ্ণ কৰিলে 23 বছৰ ৷ এই উপলক্ষে হোমপেজত কেক-থিমযুক্ত ডুডল উন্মোচনেৰে Google এ উদযাপন কৰিছে 23 তম জন্মদিন ৷ হোমপেজত উন্মোচন কৰা "23" লিখা থকা কেক-থিমযুক্ত ডুডলটোত গুগল(Google)ৰ এল(L) আখৰটো সূচাই এডাল মমবাতি ৰখা দেখা গৈছে ৷

Google celebrates 23rd birthday with a special doodle
Googleৰ 23তম জন্মদিন উদযাপন

নেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ :23 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে চাৰ্চ ইঞ্জিন জায়াণ্ট গুগলে(Search engine giant Google) ইয়াৰ হোমপেজত এটা বিশেষ কেক-থিমযুক্ত ডুডল উন্মোচন কৰিছে ৷ এনিমেটেড ডুডলটোত "23" লিখা এটা কেক দেখা গৈছে, যাৰ ওপৰত জন্মদিনৰ এডাল মমবাতি ৰখা হৈছে ৷ এই মমবাতিডালে গুগল(Google)ৰ এল(L) আখৰটো সূচাইছে ৷ সোমবাৰে চাৰ্চ ইঞ্জিন জায়াণ্ট গুগলে(Search engine giant Google) 23 বছৰ সম্পূৰ্ণ কৰিছে ৷

এটা পিএইচডি প্ৰকল্প(PhD project)ৰ অংশ হিচাপে 1998 চনৰ ছেপ্টেম্বৰত লেৰী পেজ(Larry Page) আৰু ছাৰ্গে ব্ৰিনে(Sergey Brin) গুগল প্ৰতিষ্ঠা কৰিছিল ৷ ১৯৯৫ চনত দুয়ো এই প্ৰতিষ্ঠানৰ ধাৰণা কৰিছিল আৰু 1996 চনত তেওঁলোকে প্ৰথমতে 'বেকৰুব'(BackRub) নামৰ এটা চাৰ্চ ইঞ্জিন(search engine) নিৰ্মাণ কৰিছিল ৷ এই চাৰ্চ ইঞ্জিনটোৱে ব্যক্তিগত ৱেব পৃষ্ঠাৰ গুৰুত্ব নিৰ্ধাৰণ কৰিবলৈ লিংক ব্যৱহাৰ কৰিছিল ৷

উল্লেখ্য যে, প্ৰতিদিনে বিশ্বজুৰি 150 টাতকৈও অধিক ভাষাত গুগলত বিলিয়ন হিচাপত অনুসন্ধান হয় ৷

প্ৰাৰম্ভিক অৱস্থাত toy blocks ৰ পৰা নিৰ্মিত কেবিনেটত ইয়াৰ প্ৰথম ছাৰ্ভাৰ ৰখাৰ বিপৰীতে বৰ্তমান বিশ্বব্যাপী 20 টাতকৈ অধিক ডাটা কেন্দ্ৰত ইয়াৰ ছাৰ্ভাৰ ৰখা হৈছে ৷ অৱশ্যে সকলোৰে বাবে বিশ্বৰ তথ্য উপলব্ধ কৰাৰ ইয়াৰ লক্ষ্য একেই আছে ৷ 23 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে Happy 23rd Birthday Google বুলি লিখা এটা official Google Doodle blog প'ষ্ট দেখা গৈছে ৷

প্ৰকৃততে 1998 চনৰ 4 ছেপ্টেম্বৰত গুগল প্ৰতিষ্ঠা কৰা হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, চাৰ্চ ইঞ্জিনে সূচীবদ্ধ কৰা অভিলেখসংখ্যক পৃষ্ঠাৰ ঘোষণাৰ সৈতে যাতে মিলি পৰে, তাৰ বাবে 2005 চনত কোম্পানীটোৱে জন্ম তাৰিখ 27 ছেপ্টেম্বৰলৈ সলনি কৰে ৷

লগতে পঢ়ক :বিশ্ব পৰ্যটন দিৱস 2021

ABOUT THE AUTHOR

...view details